‘’বিগ ব্ৰাডাৰ’’ হ’বলৈ চেষ্টা কৰিলে মেঘালয়ত পিডিএফৰ সমৰ্থন হেৰুৱাব বিজেপিয়ে

Peoples-Democratic-Party-launched

পিপলছ ডেমক্ৰেটিক ফ্ৰন্টে (পিডিএফ) নেশ্যনেল পিপলছ পাৰ্টিৰ (এনপিপি) নেতা কনৰাড চাংমাক মুখ্য মন্ত্ৰী হিচাপে লৈ গঠন হোৱা মেঘালয়  ডেমক্ৰেটিক ফ্ৰন্টৰ (এমডিএ) চৰকাৰখনক  সকীয়াই দিছে  যে যদিহে বিজেপি দলে ‘’বিগ ব্ৰাডাৰ’’ৰ ভুমিকা ল’বলৈ চষ্টা কৰে তেনেহ’লে দলটোৱে চৰকাৰখনৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব। মিত্ৰজোঁটৰ  চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাকক্ষণত  পিডিএফ দলটোৰ নীতিগত আৰু মূল বিষয়সমূহত বিজেপিৰ হস্তক্ষেপ অবাঞ্চনীয় বুলি স্পষ্টকৈ জনাই দিয়াটোৱে এক বিৰাট তাৎপৰ্য বহন কৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। ।

৪জন বিধায়কেৰে এমডিএ মিত্ৰজোঁটত যোগদান দিয়া পিডিএফটোৱে মাথোঁ ২জন বিধায়কেৰে এমডিএত যোগ দিয়া বিজেপিক ‘’বিগ ব্ৰাডাৰ’’ৰ ভূমিকা নল’বলৈ স্পষ্ট ভাষাৰে সতৰ্ক কৰি দিছে।

৪ জন বিধায়কেৰে বিজয়ী হৈ অহা পিডিএফ দলটোৰ এখন সম্বৰ্ধনা সভাত এটা অনুষ্ঠানত ভাষণ ৰাখি দলটোৰ সভাপতি পিনছিনগাইন এন চিয়েমে এই কথা স্পষ্ট কৰি দিছে।

মেঘালয়ৰ নতুনকৈ নিৰ্বাচিত মন্ত্ৰীসভাখনত   পিডিএফ দলৰ বানটেইডৰ লিংডোক কৃষি, উদ্যান শস্য, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, ৰেচম আৰু বয়ন এই দপ্তৰকেইটাৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

দলটোৰ আন এজন নেতা হামেল্টছন ডহলিঙক মহানগৰ পৰিক্ৰমা, পৌৰ প্ৰশাসন আৰু তথ্য প্ৰযুক্তি দপ্তৰ প্ৰদান কৰা হৈছে।.

ভূতপূৰ্ব কেবিনেট মন্ত্ৰী অল হেকক স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা তথ্য আৰু গণ সংযোগ , কলা আৰু সস্কৃতি দপ্তৰ প্ৰদান কৰা হৈছে। উল্লেখ্য যে অল হেকে সদ্যসমাপ্ত মেঘালয় বিধান সভা নিৰ্বাচন ২০১৮ৰ আগে আগে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন.কৰিছিল।

পিডিএফ দল বিজেপিৰ ছাঁৰ দৰে বুলি হোৱা ধাৰণা আৰু  সমালোচনাৰ পিছত চিয়েমে কৈছে,’’আমি ৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কেবল ২ খনহে আসন লাভ কৰিছে। অমি বিজপিক নহয় এনপিপিকহে সমৰ্থন আগবঢ়াইছোঁ।‘‘

তেওঁ পুনৰাই সতৰ্ক কৰি দিছে যে স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় দলটোৰ যি মূল কাৰ্যসূচী আছে তাত যদি বিজেপিয়ে হস্তক্ষেপ কৰে তেন্তে দলটোৱে এমডিএ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

পিডিএফৰ নেতাগৰাকীয়ে অহা বছৰত অনুষ্ঠিত হ’বলগীয়া পাৰিষদীয় নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক কঠোৰ পৰিশ্ৰম কৰাৰ বাবে অনুৰোধ জনাইছে।

চিয়েমে আশ্বাস দিছে ৰাজ্যখনৰ কিছু কিছু স্থানত বিজেপিয়ে খ্ৰিষ্টিয়ানসকলৰ বিৰুদ্ধে চলাই অহা আতিশায্যৰ বিষয়তো তদন্ত কৰিবলৈ এখন পৰ্যৱেক্ষক কমিটী গঠন হ’ব।