‘বিজেপিয়ে বিভাজনমূলক ৰাজনীতি খেলাৰ চেষ্টা কৰিছে’ : নিৰ্বাচনী জন সমাৱেশত অভিযোগ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

Chief Minister Manik Sarkar of Tripuraat assembly election campaign rally Dharmanagar

জন সমাৱেশত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী

ত্ৰিপুৰাত ‘বিজেপিয়ে বিভাজনমূলক ৰাজনীতি খেলাৰ চেষ্টা কৰিছে’ বুলি অভিযোগ উত্থাপন কৰিছে চিপিআই (এম)ৰ তাৰকা প্ৰচাৰক ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক চৰকাৰে।

সোমবাৰে পানিসাগৰ আৰু ধৰ্মনগৰ সমষ্টিত আয়োজিত নিৰ্বাচনী জন সমাৱেশত মুখ্য মন্ত্ৰী গৰাকীয়ে এই অভিযোগ উত্থাপন কৰে।

ৰঙা টি শ্বাৰ্ট পৰিহিত বিপুল সংখ্যক দলীয় কৰ্মীয়ে এই সমাৱেশত অংশগ্ৰহণ কৰে।

চৰকাৰে বিজেপি- আৰ এচ এচক বিভাজনবাদী আই পি এফ টিৰ সৈতে মিত্ৰতা কৰাৰ বাবে সমালোচনা কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহু বিলাক জনজাতীয় লোকে গেৰুৱা দলটোত যোগ দিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কেৰালাৰ পিছত দেশৰ আনখন কমিউনিস্তশাসিত ৰাজ্য ত্ৰিপুৰাৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱা ১১ দিন ধৰি ব্যাপক প্ৰচাৰ চলাইছে।

মঙলবাৰে কাঞ্চনপুৰৰ তিনিখন নিৰ্বাচনী সমাৱেশত চৰকাৰে ভাগ লোৱাৰ কথা।

এই নিৰ্বাচনত বিজেপিয়ে ‘বদলাও ব’লক’ শ্ল’গান দিয়াৰ বিপৰীতে শাসনাধিষ্ঠিত চি পি আই ­(এম)এ ‘ব’লক ৮ম খন বামপন্থী চৰকাৰ গঠন কৰো’ শ্ল’গান দিছে।

চিপিআই (এম)এ ১৯৭৮ৰ পৰা ১৯৮৮ চনলৈ ৰাজ্যখনত প্ৰথম চৰকাৰ গঠন কৰাৰ পিছত ১৯৯৩ চনৰ পৰা এতিয়ালৈকে ৫ বাৰ একেৰাহে চৰকাৰ গঠন কৰি আহিছে।

অহা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে (৬০ টা) চিপিআই (এম) অথবা বাওঁ জোঁটৰ চিপিআই, আৰচিপিআই আৰু ফৰৱাৰ্ড ব্লকে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

আনহাতে বিজেপিয়ে ৫১ টা সমষ্টিত আৰু বাকীকেইটা সমষ্টিত আইপিএফটি-এ প্ৰাৰ্থী দিছে।

ৰাজ্যখনৰ পৰা প্ৰায় নিশ্চিহ্ন হোৱা কংগ্ৰেছে ৫৬ টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে।