NORTHEAST NOW (Assamese)

বিজেপিৰ জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে বজালীত চি পি আই (এম)ৰ প্ৰতিবাদ

May 8, 2018 8:21 pm · শশাংক তালুকদাৰ

বিজেপি চৰকাৰৰ বিভিন্ন জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰোধিতাৰে চি পি আই (এম)ৰ বজালী আঞ্চলিক কমিটিয়ে আজি বৰপেটা জিলাৰ পাঠশালাত প্ৰতিবাদ সাব্যস্ত কৰে।

জিলা সদস্য ধৰণী শৰ্মাৰ নেতৃত্বত দলটোৰ আঞ্চলিক কমিটিয়ে পাঠশালা নগৰৰ বিভিন্ন ঠাইত পথ সভা অনুষ্ঠিত কৰে।

বসন্ত তালুকদাৰ, নাৰায়ন কাকতী আৰু প্ৰদিপ দাস আদি প্রতিবাদত অংশগ্রহণ কৰা প্ৰধান ব্যক্তিসকলৰ অন্যতম।

উক্ত প্ৰতিবাদত বক্তা সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ৰংঘৰকে ধৰি ভাৰতৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ ব্যক্তিগতখণ্ডক গতোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বক্তব্য ৰাখে।

সভাৰ পিছত ধৰণী শৰ্মাৰ নেতৃত্বত এটা ৪ জনীয়া প্ৰতিনিধি দলে মহকুমাপতিৰ কাৰ্যালয়লৈ গৈ বজালী মহকুমাধিপতি ভাস্কৰ ৰেড্ডিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related News