ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কাচমাৰী হাতীগড় গাৱঁত সেনা বাহিনীয়ে আজি এগৰাকী দুৰ্ধৰ্ষ আলফা (স্বা)ৰ কেডাৰক আটক কৰে।
ধৃত কেডাৰজনক দ্বীপাঞ্জিত সন্দিকৈ ওৰফে তেজশ্ৰী অসম বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ডাও ডিভিজনৰ অন্তৰ্গত ৯ নং ৰাজপুটানা ৰাইফলছে অঞ্চলটোত অভিযান চলাই আলফা (স্বা)ৰ কেডাৰগৰাকীক আটক কৰে।
সূত্ৰটোৰ মতে ২০১৪ চনত আলফা (স্বা)ত যোগদান কৰা ধৃত দ্বীপাঞ্জিত সংগঠনটোৰ শীৰ্ষ পৰ্যায়ৰ নেতা নয়ন মেধিৰ ঘনিষ্ঠ।
উল্লেখযোগ্য যে যোৱা ৩০ মাৰ্চত জিলাখনৰ বঙালগাৱঁত আৰক্ষীয়ে গৌতম দাধৰা উৰফে গুঞ্জন অসম নামৰ ম্যানমাৰত প্ৰশিক্ষিত এগকাৰী আলফা (স্বা) কেডাৰক আটক কৰিছিল।
এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে অৰ্থ সংকটৰ মাজেৰে গৈ থকা আলফা(স্বা)এ উজনি অসমৰ চাহ বাগিচাসমূহৰ পৰা ধন দাবীৰ লক্ষ্য লৈছে।
আজি আটক কৰা আলফা কেডাৰগৰাকীক সেনাই পিছত ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে।