কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো অনশন ধৰ্মঘট কংগ্ৰেছৰ

কোকৰাঝাৰ কংগ্ৰেছ ভৱনত আজি অনুসূচিত জাতি-জনজাতিৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদ তথা দেশত শান্তি আৰু সম্প্ৰদায়িক সংহতি অটুট ৰখাৰ দাবীত জিলা কংগ্ৰেছৰ কৰ্মী সকলে ৮ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ চলা এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গানৰ বেনাৰ, প্লেকাৰ্ড লৈ অনশনত বহা বহে।

উল্লেখযোগ্য যে যোৱা দুই এপ্ৰিলত সমগ্ৰ দেশজুৰি অনুসূচিত জাতি, জনজাতি আৰু দলিত সকলে আহ্বান কৰা ভাৰত বন্ধত আইন-শৃংখলা ভংগৰ অপৰাধত আন্দোলনকাৰী দলিত সকলৰ ওপৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিৰ্মম লাঠিচাৰ্জ কৰাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল।

ইয়াৰ প্ৰতিবাদত দেশ তথা ৰাজ্যৰ ভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো কংগ্ৰেছে আজি পুৱাৰে পৰা ৮ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।