ত্ৰিপুৰাক দুভাগ কৰা অভিসন্ধিৰে বিজেপি আৰু ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চই মিত্ৰতা কৰিছে: ব্ৰিন্দা কাৰাট

ব্ৰিন্দা কাৰাট

ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চ(Indigenous People’s Front of Tripura)ই আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰা কাৰ্যক চি পি আই(এম)ৰ ৰাষ্ট্ৰীয় নেত্ৰী ব্ৰিন্দা কাৰাটে ধিক্কাৰ দিছে। ত্ৰিপুৰাৰ এখন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে নেত্ৰীগৰাকীয়ে। তাৰোপৰি নেত্ৰীগৰকীয়ে কয় ‘ত্ৰিপুৰাক দুভাগ কৰা অভিসন্ধিৰে বিজেপি আৰু ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চই মিত্ৰতা কৰিছে। যোৱা দুটা দশকত চি পি আই(এম)ৰ ৰাজত্বত ৰাজ্যখনৰ উন্নয়নৰ সফলতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই মিত্ৰতা কেৱল ত্ৰিপুৰাৰ শান্তি-শৃংখলা ব্যাঘাট জন্মোৱাৰহে চেষ্টা’।

মিত্ৰতা সম্পৰ্কে আলোচনা কৰাৰ বাবে  ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চৰ দলটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰা কথা দোহাৰি ব্ৰিন্দাই কয় যে দীৰ্ঘ দিনে পৃথক ৰাজ্যৰ দাবী তুলি অহা বিষয়টোক কেন্দ্ৰই এখন আৰ্হি প্ৰস্তুতকাৰী সমিটি গঠন কৰি দিয়া কাৰ্য ৰাষ্ট্ৰ ৰাজনীতিত পোন প্ৰথমবাৰৰ বাবে লোৱা সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে।

আনহাতে চি পি আই(এম) নেত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে কৰা অভিযোগ একেষাৰে নসাৎ কৰিছে ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে।

বিজেপি ৰাজ্যিক সভাপতি বিপ্লৱ দেৱে এই সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ একোজনকৈ প্ৰতিনিধি আৰু খিলঞ্জীয়া সমাজৰ এজন বিশেষজ্ঞকৰ দ্বাৰা গঠিত সমিটিখনে খিলঞ্জীয়া লোকসকলৰ আৰ্থ সামাজিক দিশত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে সেয়া নীৰিক্ষণ কৰিবলৈহে কেন্দ্ৰই এই সমিটিখন গঠন কৰি দিছে।

ইয়াৰ উপৰি আই পি এফ টিয়ে ৰাজ্যখনক দুভাগ কৰা কাৰ্যৰ বাবে শান্তি শৃংখলা ব্যাঘাত জন্মা বুলি নেত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশৰ আন বহু ৰাজ্যতো পৃথক ৰাজ্যৰ দাবীত বিভিন্ন বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি আছে কিন্তু আজিলৈ কোনো ধৰণৰ এনে কমিটি গঠন কৰা নজিৰ হোৱা নাছিল। একমাত্ৰ নিৰ্বাচনী বৈতৰনী পাৰ হোৱাৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলিও স্পষ্ট ৰূপত কয়।

আনহাতে ত্ৰিপুৰাত অষ্টমবাৰ চৰকাৰ গঠন কৰাৰ কাৰণে সমগ্ৰ ত্ৰিপুৰাবাসীক চি পি আই(এম)ক ভোট দিয়াৰ বাবে আহ্বান জনায়। মাৰ্চত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই শাসকীয় দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই এইদৰে জনসভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।