বিজেপি দেশৰ সাংস্কৃতিক সংহতিৰ প্ৰতি ভাবুকি : দেৱব্ৰত শইকীয়া

Debabrata-Saikia--570x320

মেঘালয়ৰ আমপাতি সমষ্টিত নিৰ্বাচনী সমাৱেশত ভাষণ দি থকা অৱস্থাত দেৱব্ৰত শইকীয়া।

মেঘালয়ৰ আমপাতি সমষ্টিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অসমৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। ১৭ ফেব্ৰুৱাৰিত নিৰ্বাচনী সমাৱেশত উপস্থিত ৰাইজক সম্বুধি তেওঁ কয় যে ২০১৪ লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে প্ৰতি বছৰে ২ কোটিকৈ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেইটো কৰা বাদেই, বৰং জি এছ টি আৰু বিমুদ্ৰাকৰণৰ জৰিয়তে তেওঁ প্ৰায় ১ কোটি লোকৰ চাকৰি কাঢ়ি ল’লে। জি এছ টিয়ে বহু উদ্যোগৰ ওপৰত অতিৰিক্ত বোজা দিয়াৰ ফলত বহু কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব লগীয়া হ’ল।

শইকীয়াই বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলিও অভিযোগ উত্থাপন কৰি কয়, ‘বিজেপিয়ে কংগ্ৰেছৰ দিনত কোনো উন্নয়নৰ কাম হোৱা নাই বুলি কয়। কিন্তু ভাৰতে কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনতে ভাৰত বিকাশৰ বহু ওপৰলৈ উঠিবলৈ সক্ষম হ’ল। স্বাধীনতা সংগ্ৰামৰ পৰাই কংগ্ৰেছৰ অৱদান অতুলনীয়। বৈজ্ঞানিক গৱেষণাকে ধৰি আমি প্ৰায় সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিলো। কিন্তু বিজেপিয়ে প্ৰতিমূৰ্তি নিৰ্মাণত কোটি কোটি টকা খৰচ কৰি আছে।’

আনহাতে তেওঁ বিজেপিক পুনৰ নামকৰণ আৰু ৰাজহুৱা ধনেৰে বিজ্ঞাপন দিয়াতহে পাকৈত বুলি কটাক্ষ কৰে। মোদীয়ে কংগ্ৰেছৰ দিনৰ ২৮খন ভাল ভাল আঁচনিক পুনৰ নামকৰণ কৰি নিজৰ দৰে প্ৰচাৰ কৰি বাহ বাহ লৈছে বুলি তেওঁ অভিযোগ কৰে।

উল্লেখযোগ্য যে নিৰ্বাচনী প্ৰচাৰে ভৰপক লোৱা মেঘালয়ত অসমৰ বিধায়কজনে প্ৰচাৰ চলোৱা আমপাতি বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ল বৰ্তমান মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমা। সমষ্টিটোৰ প্ৰায় আধা সংখ্যক ভোটাৰ কোচ আৰু হাজং সম্প্ৰদায়ৰ। দেৱব্ৰত শইকীয়াই অসমীয়াত ভাষণ দিয়া বুলি জানিব পৰা গৈছে। তেওঁ মুকুল চাংমাক সমষ্টিটোৰ পৰা জিকাই পঠাবলৈ ভোটাৰসকলক আহ্বান জনায়।