বিটিএ’ডি বন্ধত চিৰাঙত ঘাইপথ অৱৰোধকাৰী আক্ৰাছু সমৰ্থকক আৰক্ষীৰ লাঠী, ৰবৰ গুলী চালনা; আহত ৪৫ গৰাকী

akrasu

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিটিএ’ডিৰ চিৰাং জিলাৰ চিদলিত ৩১চি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা আক্ৰাছু কৰ্মী আৰু সমৰ্থকক আঁতৰাবলৈ আৰক্ষীয়ে কৰা লাঠী আৰু ৰবৰ গুলীচালনাত মঙলবাৰে ১৫ মহিলাকে ধৰি কমেও ৪৫ গৰাকী লোক আহত হৈছে।

আহতসকলৰ ভিতৰত তিনিগৰাকীৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।

বিটিএ’ডিত অজনজাতীয় লোকৰ ভূমি অধিকাৰক লৈ শংকা প্ৰকাশ কৰি আক্ৰাছুকে ধৰি পাঁচটা অনা বড়ো ছাত্ৰ সংগঠনৰ ঐক্যমঞ্চই আজি আহ্বান জনোৱা ২৪ ঘণ্টীয়া বিটিএ’ডি বন্ধ ৰূপায়ণ কৰিবলৈ আক্ৰাছু সমৰ্থকসকলে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছিল।

অৱৰোধ চলি থকা অৱস্থাতে চিৰাঙৰ আৰক্ষী অধীক্ষক য়ুৱৰাজ সেই ঠাইত আহি উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক পথটো মুকলি কৰি দিবলৈ কয়।

কিন্তু অৱৰোধকাৰীসকলে এই কথা মানিবলৈ অস্বীকাৰ কৰাত প্ৰতিবাদকাৰীক আঁতৰাবলৈ আৰক্ষীয়ে লাঠী, কন্দুৱা গেছ আৰু ৰবৰৰ গুলী চলায়।

আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে আৰক্ষীৰ আক্ৰমণক গৰিহণা দিছে আৰু ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক সন্মান জনাই এনে ঘটনাৰ পুনৰাবৃতি নকৰিবলৈ আহ্বান জনাইছে।

বিটিচি প্ৰশাসনে বিটিএ’ডিত অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা নতুন ভূমি নীতি লৈছে বুলি আক্ৰাছু, এবিএমছু, আগছু, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই এই বন্ধৰ আহ্বান জনাইছিল।

সংগঠনকেইটাই ‘ভূমি নীতি’ৰ প্ৰতিবাদ কৰিবৰ বাবে যোৱা ২৭ ফেব্ৰুৱাৰিত আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ এক যৌথ মঞ্চ গঠন কৰিছিল।