NORTHEAST NOW (Assamese)

বিতৰ্কিত বিজেপি নেতা সুদামা পাণ্ডেৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল

August 7, 2018 7:32 pm · এন ই নাও নিউজ

অৱশেষত ডিব্রুগড়ৰ বিতৰ্কিত বিজেপি নেতা সুদামা পাণ্ডেৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে জিলা প্ৰশাসনে। ৬ আগষ্টত জিলা দণ্ডাধীশে জাৰি কৰা এটা নিৰ্দেশৰ ভিত্তিত বিতৰ্কিত নেতাজনৰ অনুজ্ঞাপত্ৰযুক্ত পইণ্ট থ্ৰী টু পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে জিলা প্ৰশাসনে।

মন কৰিব লগীয়া যে পিষ্টলটো ইতিপূৰ্বে যোৱা ১ আগষ্টতে নিৰাপত্তা ৰক্ষীয়ে জব্দ কৰিছিল। অস্ত্ৰ আইন ১৯৫৯ৰ অধীনত তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় পৌৰসভাৰ ২২নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ সুদামা পাণ্ডেই এটা পইণ্ট ৩২ পিষ্টল লগত যোৱা ১আগষ্টত ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত মুখ্য মন্ত্ৰীৰ জেদ প্লাছ নিৰাপত্তা বেষ্টনী অতিক্ৰমি মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল। চিনেমাৰ কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰীক লগ কৰিবলৈ যোৱা পাণ্ডেৰ জেপৰ পৰা নিৰাপত্তাৰক্ষীয়ে অনুজ্ঞাপত্ৰ থকা পিষ্টলটো জব্দ কৰিছিল। লগতে ৬ ৰাউণ্ড গুলীও জব্দ কৰিছিল। ইয়াৰ পিছতে পাণ্ডেৰ বিৰুদ্ধে ১১৬২/১৮ নম্বৰত এটি গোচৰো ৰুজু কৰা হৈছিল।

আনহাতে পাণ্ডেৰ বিৰুদ্ধে পূৰ্বেও গুণ্ডাগিৰি কৰাৰ অভিযোগ আছে। জানিব পৰামতে, ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছত পাণ্ডেৰ দাবী-হুমকি, গুণ্ডাগিৰি বৃদ্ধি পাই আহিছিল।

Related News