বিদেশত উদঘাটন ৰূপকোঁৱৰৰ ‘বহু গোপন তথ্য’; ১৭ জুন নহয় জন্ম দিৱস!

jyotiprasad agarwala assam

স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে স্কটলেণ্ডত গৈ ‘বহু গোপন তথ্য উদঘাটন’ কৰাৰ লগতে শিল্পীজনৰ জন্ম ১৭ জুন নহয় বুলি দাবী কৰিছে অসমৰ গৱেষক পাৰ্থজিৎ বৰুৱাই।

জ্যোতিপ্ৰসাদৰ বিষয়ে গৱেষণা কৰি থকা বৰুৱাই নিজাববীয়াকৈ গৈ স্কটলেণ্ডৰ এদিনবাৰ্গ বিশ্ববিদ্যালয়ত এই তথ্য উদঘাটন কৰা বুলি আজি ৩ জুলাইত দাবী কৰিছে।

‘অসমীয়া চলচ্চিত্ৰৰ জন্মদাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনৰ ১৭ জুনত নহয়, ১৯০৩ চনৰ ২ জুলাইতহে। ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই স্কটলেণ্ডৰ এডিনবৰা (এদিনবাৰ্গ) বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোঁতে নামভৰ্তি পত্ৰত তেওঁ তেওঁৰ জন্মৰ তাৰিখৰ ঠাইত ১৯০৩ চনৰ ২ জুলাই লিখাৰ লগতে তেওঁৰ শিক্ষাগত অৰ্হতাৰ ঠাইত তেজপুৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ বুলি লিখিছিল,’ দাবী পাৰ্থজিৎ বৰুৱাৰ।

ৰূপকোঁৱৰ সম্পৰ্কে ‘অধিক তথ্যৰ বাবে’ তেওঁ নিজে স্কটলেণ্ডলৈ গৈ যুগদ্ৰষ্টাগৰাকীৰ বিষয়ে ‘বহু গোপন তথ্য উদ্ঘাটন’ কৰিছে বুলিও দাবী কৰিছে পুনেস্থিত নেচনেল ফিল্ম আৰ্কাইভ অৱ ইণ্ডিয়াত গৱেষণাৰত চলচ্চিত্ৰ গৱেষকগৰাকীয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ এক সম্বৰ্ধনা অনুষ্ঠানত বৰুৱাই এই মন্তব্য কৰিছে।

আনহাতে প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণৰ পূৰ্বেই জাৰ্মান প্ৰযোজনা সংস্থা এটাৰ সৈতে মিলি জ্যোতিপ্ৰসাদে ‘শোণিত কুঁৱৰী’ৰ চলচ্চিত্ৰৰূপ দিয়াৰ বাবে চেষ্টা চলোৱাৰ তথ্যও গৱেষকগৰাকীয়ে উদ্ধাৰ কৰিছে বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে আন এক সূত্ৰই।

‘শোণিত কুঁৱৰী’ৰ চলচ্চিত্ৰৰূপ দিয়াৰ সেই প্ৰচেষ্টা সফল হোৱা হ’লে ‘জয়মতী’তকৈ কেইবছৰ মান পূৰ্বেই নিৰ্মিত হ’লহেঁতেন প্ৰথমখন অসমীয়া ছবি।

অসমীয়া চলচ্চিত্ৰৰ জন্মদাতাগৰাকীৰ বিষয়ে আমি এতিয়াও ভুলকৈ জানি আছো বুলিও অনুষ্ঠানটোত ‘ক্ষোভ’ প্ৰকাশ কৰি গৱেষকগৰাকীয়ে।

অনুষ্ঠানটোত সদ্য সমাপিত সপ্তম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমাৰোহত বঁটা পোৱা সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক অৰুণলোচন দাস, শিৱাণু বৰা, গোপাল জালান, বিতোপন বৰবৰা, পাৰ্থজিৎ বৰুৱা, প্ৰাঞ্জল বৰা আৰু ৰাজদ্বীপৰ লগতে সংগঠনটোৰ আন এগৰাকী সদস্য, সাহিত্য একাডেমিৰ শিশু সাহিত্যিকৰ বঁটাপ্ৰাপ্ত যুগললোচন দাসক ফুলাম গামোছা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আগন্তুক দিনত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিকতাৰ বিষয়ে মুকলি আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবেও কাৰ্য্যকৰী সভাপতি মৃণাল কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানটোত সিদ্ধান্ত গ্ৰহণ কৰা হয়।