NORTHEAST NOW (Assamese)

বিদ্যুৎ বিভাগৰ কাণ্ড : বৰপেটাৰ কালজাৰত বি পি এল গ্ৰাহকলৈ কেইবাহাজাৰ টকাৰ বিল

May 21, 2018 11:12 pm · আনিছুজ জামান

বৰপেটা জিলাৰ কালজাৰত সময় মতে বিদ্যুৎ যোগান ধৰিব নোৱৰা বিদ্যুৎ বিভাগে নিজ ইচ্ছা মতে বিল তৈয়াৰ কৰি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (বি পি এল) গ্ৰাহকক হাৰাশান্তি কৰি অহাৰ এক  ভয়ংকৰ ছবি পোহৰলৈ আহিছে। ইয়াকলৈ কালজাৰত  আজি সন্ধিয়াৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অভিযোগ মতে কালজাৰত থকা ঠিকা ভিত্তিক বিদ্যুৎ কাৰ্যালয় মমতাজ ইলেক্ট্ৰনিকৰ স্বত্বাধিকাৰী মনোৱাৰ হুছেইনে নিজৰ ইচ্ছা মতে বিদ্যুতৰ বিল তৈয়াৰ কৰি গ্ৰাহকক প্ৰদান কৰি আহিছে। যাৰ বাবে বি পি এল গ্ৰাহক সকল চৰম সমস্যাত পৰিছে।

একাংশ বি পি এল গ্ৰাহকে অভিযোগ কৰা মতে তেওঁলোকক ২,০০০ পৰা  ৭,০০০ টকালৈ বিদ্যুতৰ বিল প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি মমতাজ ইলেক্ট্ৰনিকৰ স্বত্বাধিকাৰীজনে সাধাৰণ গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰি বিল আদায় কৰাৰো গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী গ্ৰাহকে।

যাৰ ফলত আজি সন্ধিয়াৰ ভাগত ভুক্তভোগী গ্ৰাহকে কালজাৰত থকা মনোৱাৰ হুছেইনৰ লাইনৰ অফিচ মমতাজ ইলেক্ট্ৰিনিক ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে।

কাৰ ভুলৰ বাবে বি পি এল গ্ৰাহকৰ বিদ্যুতৰ বিল ইমান টকা হলেগৈ তাৰ উচিত  তদন্ত  কৰি দোষিক শাস্তি দিবলৈ তেওঁলোকে জিলা প্ৰশাসনক ১০ দিনৰ সময় সীমা বান্ধি দিয়ে। অন্যথা তেওঁলোকে ৩১ নং ৰাষ্টীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰিব বুলি হুংকাৰ দিয়ে ।

Related News