বিধানসভাৰ অধ্যক্ষৰ সৈতে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ আলোচনা: উপস্থিত নাথাকিল শিক্ষামন্ত্ৰী

Teachers Protest

কালি বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে শিক্ষক কৰ্মচাৰী সকলৰ হোৱা আলোচনাত শিক্ষা মন্ত্ৰীগৰাকী উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই ।

শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ উপ-সভাপতি যুগল গগৈয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি, ‘কালি হৈ যোৱা আলোচনা চক্ৰত কেৱল আমাৰ সমস্যাসমূহৰ ওপৰতহে আলোচনা কৰা হ’ল। কিন্তু এই পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা  আমি কোনো ইতিবাচক ফলাফল লাভ কৰা নাই । দুৰ্ভাগ্যজনক কথা যে সেই আলোচনা চক্ৰত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত নথকাৰ বাবে আমি আমাৰ প্ৰধান দাবীসমূহ অবগত কৰিব নোৱাৰিলো’।

আনহাতে মঞ্চৰ উপ-সভাপতি গগৈয়ে দুখ প্ৰকাশ কৰি কয় ‘’ৰাজ্যৰ কিছুসংখ্যক বিদ্যালয়ত প্ৰয়োজনীয় ব্যৱস্থাসমূহ যেনে পোচাক-পৰিচ্ছদ, কিতাপ-পত্ৰ তথা বৃত্তি যোগান ধৰাত চৰকাৰে হেমাহি দেখুওৱা পৰিলক্ষিত হৈছে। চৰকাৰৰ এনে হেমাহীৰ বাবে পূৰ্বতে ১৫০ জন শিক্ষাৰ্থী থকা বিদ্যালয় সমূহত এতিয়া ৫০ গৰাকী শিক্ষাৰ্থী আছে যাৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে।‘’

ইফালে কালিৰ আলোচনাত শিক্ষা মন্ত্ৰী উপস্থিত নথকা কাৰ্যত ক্ষোভিত হৈ আমাৰ আগত কয়, ‘শিক্ষামন্ত্ৰী গৰাকীয়ে অন্যৰ হতুৱাই এই সমস্যা সমাধান কৰাতকৈ তেওঁ নিজে উপস্থিত থাকিব লাগিছিল। তেওঁ নিৰ্বাচনৰ পূৰ্বে ২৬৯ খন নিৰ্বাচনী সভাত ৯০ দিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু গাদী দখল কৰি এতিয়া সকলো প্ৰতিশ্ৰুতি পাহৰি গ’ল। তাৰোপৰি এবছৰ পাৰ হৈ যোৱাৰ পিছতো প্ৰাদেশীকৰণৰ আইনখন ৰূপায়ন কৰিবলৈ সক্ষম হোৱা নাই’।

প্ৰতিবাদকাৰী শিক্ষকসকলৰ মতে, ‘শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সৈতে কোনো আলোচনা নকৰাকৈ যোৱা ১০ মাৰ্চ ২০১৭ ত অতি আসোঁৱাহপূৰ্ণ প্ৰাদেশিকীকৰণ আইন ২০১৭ গৃহীত কৰিছিল। এই আইনৰ অধীনত ৬৩১১ খন শিক্ষানুষ্ঠানত কৰ্মৰত ৩৩,০৭৯ গৰাকী শিক্ষকক অপ্ৰাদেশীকৃত ঘোষণা কৰা হ’ল লগতে তেওঁলোক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হ’ল।‘’

ইয়াৰোপৰি তেওঁলোকে কৰা অভিযোগ অনুসৰি ষষ্ঠ অনুসূচী অঞ্চলৰ লগতে অনুসূচীত জাতি-জনজাতি, চাহ বাগিছা অঞ্চল, সীমান্তৱৰ্তী অঞ্চল আদিৰ বাবে থাকিবলগীয়া বিশেষ ৰেহাইৰ ব্যৱস্থা শিক্ষাবিভাগে নাৰাখিলে। লগতে মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহৰ প্ৰাদেশীকৰণৰো কোনো প্ৰতিশ্ৰুতি এই আইনৰ অন্তৰ্ভূক্তি নহ’ল বুলি তেওঁলোকে সদৰী কৰে।