বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ গিয়াছুদ্দিন আহমেদৰ ধুবুৰীৰ গৃহত মৃত্যু

গিয়াছুদ্দিন আহমেদ

বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰবীন বাওঁপন্থী নেতা গিয়াছুদ্দিন আহমেদৰ সোমবাৰে ধুবুৰীৰ নিজা গৃহত দেহাৱসান ঘটে। ৮৮ বছৰত ভৰি দিয়া নেতাজনে যোৱা কিছুদিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত শাৰিৰীক অসুস্থতা অনুভৱ কৰি আছিল। তেনে অৱস্থাত কালি বৰ্ষীয়ান নেতাজনৰ হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়াৰ যোজা কৰে যদিও কিছু সময়ৰ পিছতে নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই বাসগৃহত আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জানিব পৰা মতে ১৯২৯চনৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰিবাৰীত জন্মগ্ৰহণ কৰা আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতীৰে উত্তীৰ্ণ হৈছিল। পিছত তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখনীয় যে প্ৰয়াত নেতাগৰাকীয়ে কটন কলেজত একেৰাহে তিনিবাৰৰ বাবে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰি ১৯৪৯ চনত গুৱাহাটী কলা আইন মহাবিদ্যালয়ৰ পৰা এল এল বি শিক্ষা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ১৯৬৭চনত প্ৰত্যক্ষ ৰাজনৈতিক জীৱনৰ পাতনি মেলা আহমেদে প্ৰথমবাৰৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজয়ী হৈ বিধানসভআৰ মজিয়ালৈ যায়। পিছত তেওঁ বাওঁ দল চিপিআইত যোগদান কৰি একেৰাহে বিলাসীপাৰা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তদুপৰি ১৯৭৯চনৰ পৰা ১৯৮৩চনলৈ বিধানসভাৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ১৯৯১ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত হয়। নেতাগৰাকীয়ে পত্নীসহ তিনিগৰাকী ছোৱালী, চিকিৎসক পুত্ৰৰ লগতে নাতি-নাতিনীয়েকক ইহসংসাৰত এৰি থৈ যায়।

গিয়াছুদ্দিন আহমেদৰ মৃত্যুত ধুবুৰী উকিল সন্থাৰ লগতে বহু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে নেতাজনৰ মৃত্যুত সকলো ৰাজনৈতিক দলৰ লগতে চিপিআইৰ অসম ৰাজ্য পৰিষদৰ লগতে ধুবুৰী জিলা পৰিষদেও গভীৰ শোক প্ৰকাশ কৰে।

আজি দিনৰ ১১ মান বজাত বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গিয়াছুদ্দিন আহমেদৰ জানাজা সম্পূৰ্ণ কৰা হ’ব বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিছে।