বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত জে পি চিৰ শাসকীয় দলৰ সদস্যই বিশেষ ভূমিকা ল’ব : ভুৱনেশ্বৰ কলিতা

Bhubaneswar-Kalita

‘যুটীয়া সংসদীয় কমিটিৰ অধিকাংশ সদস্যই শাসক দলৰ। তেখেতসকলে যদি এই বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে তেওঁলোকে এইক্ষেত্ৰত পাৰিব, কাৰণ তেওঁলোকৰ সংখ্যা বিৰোধীৰ তুলনাত বেছি আছে।‘

বুধবাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তৱ্য কৰে যুটীয়া সংসদীয় কমিটিৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতিৰ সদস্য হৈয়ো কোনোদিনে সংবাদ মাধ্যমত নিজৰ মতামত প্রকাশ নকৰা সাংসদ ভুৱনেশ্বৰ কলিতাই আজি নৰ্থ ইষ্ট নাওৰ সন্মুখত এই বিধেয়কখনৰ সম্পূৰ্ণ বিৰুদ্ধে তেওঁৰ স্থিতি থকা বুলি কোৱাৰ উপৰিও যুটীয়া সংসদীয় কমিটিত থাকিলেও এই বিলৰ বিৰুদ্ধে যুঁজি যাব বুলি কয়।

উল্লেখযোগ্য যে সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰাৰ বিষয়টো কলিতাৰ জৰিয়তেই প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছিল।

আনহাতে, যুটীয়া সংসদীয় কমিটিত বিধেয়কখনৰ বিৰোধিতা কৰা সদস্যৰ সংখ্যা কম হ’লেও বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত তেওঁলোকে আপত্তি কৰিব বুলিও আমাৰ আগত জানিবলৈ দিয়ে।

‘বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শোৱা সদস্যৰ সংখ্যা বৰ্তমান সঠিক ৰূপত ক’ব নোৱাৰি,’-এইবুলি কৈ তেওঁ লগতে কয়, ‘বৰ্তমানলৈকে বিধেয়কখনক লৈ যুটীয়া সংসদীয় কমিটিত বিতৰ্ক হোৱা নাই। শেষৰ প্ৰতিবেদন প্ৰস্তুতিৰ কাম যেতিয়া আৰম্ভ হ’ব তেতিয়া এই বিতৰ্ক অনুষ্ঠিত হ’ব।

তদুপৰি, তথ্য-পাতি সংগ্ৰহৰ পিছত প্ৰতিবেদন কি আকাৰত যুটীয়া সংসদীয় কমিটিত পৰে, সেইটো চাই লৈ  বিৰোধিতা কৰাসকলে কি ভূমিকা ল’ব সেই বিষয়ে ঠিক কৰা হ’ব বুলিও কলিতাই আমাক অৱগত কৰে।

তেওঁ লগতে বিধেয়কখনৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰি কয়, ‘এই বিধেয়কখন গৃহীত হ’লে বিভাজনমূলক পৰিবেশৰ সৃষ্টি হ’ব। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসমৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি আৰু ঐক্যতা ঘূৰি আহিছিল। এই বিধেয়কখন উত্থাপিত হোৱাৰ পাছতেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিভাজন আহিব ধৰিছে।‘

তেওঁ লগতে কয়, ‘ধৰ্মীয় বিভাজন এটাও আহিব ধৰিছে। এই বিধেয়কখন সংহতিমূলক নহয়, তাৰ বিপৰীতে এক বিসংগতিমূলক পৰিস্থিতিহে আমি দেখিবলৈ পাইছো।‘

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি বৰ্তমালৈকে যুটীয়া সংসদীয় কমিটিৰৰ আলোচনা সম্পূৰ্ণ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে বিধেয়কখনক লৈ এতিয়াও বিভিন্ন দিশ অধ্যয়ন কৰিবলৈ বাকী আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজ্যিক বিজেপি তথা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যুটীয়া সংসদীয় কমিটিৰ সন্মুখত কোনোধৰণৰ মতামত নৰখা বিষয়টোত তেওঁ দুখ প্ৰকাশ কৰি কয়, ‘ কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, কমিউনিষ্ট পাৰ্টীকে ধৰি অন্যান্য দল-সংগঠনে নিজৰ মতামত তথা বক্তৱ্য প্ৰকাশ কৰিছে।‘