NORTHEAST NOW (Assamese)

বিধ্বংসী ধুমুহাই জোকাৰি যায় মাজুলীক, বিস্তৰ ক্ষতি সাধন, ৩ জন আহত

April 26, 2018 1:44 pm · মিটু খাটনিয়াৰ

যোৱা নিশা ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা বিধ্বংসী ধুমুহাই আন আন প্ৰান্তৰ লগতে লগতে নদী দ্বীপ মাজুলীতো বিস্তৰ ক্ষতি সাধন কৰিছে।

মাজুলীৰ উজনিৰ পৰা নামনিলৈ পাৰ হৈ যোৱা এই ধুমুহাত প্ৰায় কুৰিখন গাঁৱৰ অৰ্ধশতাধিক বাসগৃহ ক্ষতি হোৱাৰ লগতে বহু ঠাইত গছ-গছনি উভালি পৰাত বাট-পথ ৰুদ্ধ হৈ পৰে।

ইফালে ধুমুহাত গছ ভাগি পৰি ৩ গৰাকীকৈ লোক গুৰুতৰ ভাৱে আঘাত গ্ৰস্ত হ’বলগীয়া হয়।

ধুমুহাত আহত হোৱা লোককেইজনক মাজুলী পকাজৰাৰ কুমাৰী চাহু(৬৫), অৱনি চাহু (৪৩) আৰু মাজুলী ম’হকিনাৰ চুনিল তামুলী(৪৩) বুলি জানিব পৰা গৈছে। আটাই কেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰ উপৰি কালি অহা এই ধুমুহাজাকৰ ফলত নদী দ্বীপটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।

Related News