NORTHEAST NOW (Assamese)

বিধ্বস্ত পথ : ওদালগুৰিৰ বগৰীবাৰীৰ পথত কঠীয়া ৰুই ৰাইজৰ প্ৰতিবাদ

July 31, 2018 5:22 pm · চাজিদ খান

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি মিত্ৰজোঁট চৰকাৰ। কিন্তু বাস্তবত এতিয়াও ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই। জৰাজীৰ্ণ বাট পথ, মৰণফাণ্ডত পৰিণত হোৱা দলঙসমূহে গভীৰ সমস্যাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।

ৰাজ্যৰ বিভিন্ন এলেকাৰ শোচনীয় পথে যোগাযোগত বাধাৰ সৃষ্টি কৰিছে জনসাধাৰণক। ঠিক সেইদৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত উত্তৰ বগৰীবাৰীৰ মূল পথটো জৰাজীৰ্ণ তথা বোকাময় হোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষই উক্ত পথটো মেৰামতি নকৰাত এতিয়া অতিষ্ঠ হৈ উক্ত অঞ্চলবাসীয়ে বিভাগীয় প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সোমবাৰে সাব্যস্ত কৰিছে এক অভিনৱ প্ৰতিবাদ।

বোকাপানীৰে ভৰি পৰা পথটো মেৰামতিৰ দাবী তুলি সোমবাৰে উক্ত অঞ্চলৰ লোকসকলে পথৰ মাজত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। তাৰোপৰি লোকসকলে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ দাবী জনায়।

উত্তৰ বগৰীবাৰী পথটোৰ সম্পৰ্কত ধনঞ্জয় ৰামছিয়াৰী নামৰ এজন স্থানীয় লোকে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে যোৱা এসপ্তাহ ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ পথটো বোকাময় হৈ পৰিছে যাৰ ফলত ইয়াৰ স্থানীয় বাসিন্দাসকল পথটোৰে অহা যোৱা কৰাটো দুৰ্বিষহ হৈ পৰিছে।

Related News