বিধ্বস্ত পথ : বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টি সৰভোগত মহিলাৰ পথ অৱৰোধ

সৰভোগত প্ৰতিবাদ

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ ৰূপায়নৰ দিশত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ পুঠিমাৰিত পথ উন্নয়নৰ দাবীত মহিলা সমাজে ৰূপায়ন কৰিছে পথ অৱৰোধ কাৰ্যসূচী।

পৰিৱৰ্তনকামী চৰকাৰৰ উদাসীন দৃষ্টিভংগীক এক প্ৰকাৰ সকীয়াই দি ঘৰৰ পৰা ওলাই আহিছে মহিলা সমাজ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিভিন্ন ধৰণৰ শ্লোগান তথা কাৰ্যপন্থা হাতত লৈছে যদিও ৰাইজৰ বাবে জনপ্ৰতিনিধিসকলে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে সৰভোগ-কমাৰগাঁও গড়কাপ্তানি পথটো অবৈধ শিল-বালি মাল বহনকাৰী ডাম্পাৰৰ বাবেই জৰাজীৰ্ণ হৈ পৰিছে আৰু পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে।এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ বা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ কমাৰগাঁওৰ মহিলাসকলে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি বিভিন্ন শ্লোগান দি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী মহিলাসকলে অনতিপলমে এই পথটো মেৰামতি কৰাৰ দাবী জনায়। তেওঁলোকে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত দাসে অঞ্চলটোৰ উন্নয়নমূলক কামত দৃষ্টি দিয়াৰ বাবেও আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে।