বিনামূলীয়া পাঠ্যপুথি ছাত্ৰ-ছাত্ৰীৰ বাবে লোৱা এটা ভাল পদক্ষেপ

‘দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি দিবলৈ ৰাজ্য চৰকাৰখনে লোৱা সিদ্ধান্ত এটা ভাল সিদ্ধান্ত।’ আজি আমাৰ সাংবাদিকৰ আগত এই বুলি মন্তব্য কৰে শিক্ষা বিভাগৰ এজন বিষয়াই। শিক্ষাৰ অধিকাৰ আইন ২০০৯ এ সকলোকৈ বুনিয়াদী শিক্ষা আগ বঢ়োৱাটোৰ পোষকতা কৰিছে। কিন্তু দেখা যায় যে অষ্টম শ্ৰেণীৰ পিছতে প্ৰায় ৪/৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰে। এইটো স্তৰত বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণে এনে হোৱাটো ৰোধ কৰিব আৰু পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুযোগ দিব। এইদৰে কয় বিষয়াজনে। উল্লেখযোগ্য যে চৰকাৰে প্ৰথম বাৰৰ বাবে দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইটো অহা ২০১৮ শিক্ষা বৰ্ষৰ পৰাই কাৰ্য্যকৰী হোৱাৰ কথা। এই আঁচনিখনৰ অধীনত বিজ্ঞান, বাণিজ্য, কলা আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ পাঁচটাকৈ বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি দিয়া হ’ব।

আনহাতে চৰকাৰৰ এই সিদ্ধান্তত নিজৰ ব্যৱসায়ৰ ক্ষতি হোৱাৰ শংকাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতিবাদী সভা তথা কাৰ্য্যসূচীও লৈছে। ইতিপূৰ্বে চৰকাৰক উক্ত সিদ্ধান্তটো প্ৰত্যাহৰ কৰিবলৈ সংস্থাটোৱে স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল। তেওঁলোকে চৰকাৰক বিনামূলীয়া পাঠ্যপুথিৰ সলনি বিকল্প ব্যৱস্থা হিচাপে ছাত্ৰ-ছাত্ৰীসকলক জলপানি দিবলৈ অনুৰোধ জনাইছিল, যাতে ছাত্ৰ-ছাত্ৰীসকল সমানে উপকৃত হয় আৰু লগতে তেওঁলোকৰ ব্যৱসায়ৰো ক্ষতি নহয়। কিন্ত চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে সমগ্ৰ অসমতে তেওঁলোকৰ সংস্থাৰ অধীনৰ সকলো গ্ৰন্থ বিপণি বন্ধ ৰখাৰ কাৰ্য্যসূচী লৈছে।

আনহাতে আজি বিষয়াজনে জনোৱামতে অহা ২০১৮ বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি দিয়াটো নিশ্চিত হৈ পৰিছে। তেওঁ কয়, ‘আমাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদান কৰা। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ্য বিষয়বস্তুৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ স্বত্ব আছে। আমি ৫৫ টা ছপাশালৰ সৈতে কাম কৰি আছো। আনকি নতুন ব্যৱস্থাটোৰ প্ৰৱৰ্তন হ’লে স্থানীয় গ্ৰন্থ প্ৰকাশকসকলেও কিতাপ ছপাব পাৰিব।’