NORTHEAST NOW (Assamese)

বিপিএফ সুবিধাবাদী দল, বিটিচিৰ লাভ হোৱা কামহে বিপিএফে কৰিব: হাগ্ৰামা মহিলাৰী

May 10, 2018 4:48 pm · এন ই নাও নিউজ
Updated: May 10, 2018 4:54 pm
হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

বিপিএফ হৈছে এটা সুবিধাবাদী দল। যেনেকৈ বিটিচিৰ লাভ হয় তেনেকৈ বিপিএফে কাম কৰি যাব। সুবিধাবাদীৰ ৰাজনীতি কৰি আছো কৰি যাম, আমি হৈছো এটা সৰু দল গতিকে আমাৰ বেলেগ উপায় নাই’।

বৃহস্পতিবাৰে অসম চৰকাৰৰ অন্যতম অংশীদাৰী দল বিপিএফৰ প্ৰধান নেতা হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰা দেখা যায়।

আনহাতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত যুটীয়া সংসদীয় সমিতিক বিভিন্ন দল-সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছত বিপিএফৰ নেতা জনে এই প্ৰসংগত ৰহস্যজনক স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

মহিলাৰীয়ে বিধেয়কখনৰ প্ৰসংগত কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আমি একো মাত নামাতো। এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত আমি কাৰো মাজত নোসোমাও’।

উল্লেখ্য যে বিভিন্ন দল সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাৱ্যস্ত কৰি থকা সময়তে চৰকাৰৰ অন্যতম অংশীদাৰী দল বিপিএফৰ এনে ৰহস্যজনক স্থিতিয়ে নিসন্দেহে ৰাজ্যৰ ৰাজনীতিত ব্যাপত প্ৰভাৱ পেলাব।

Related News