আজি পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পত্নীৰ এজন পি এছ অ’ই আত্মহত্যা কৰে। আত্মহত্যা কৰা নিৰাপত্তাৰক্ষী জনক নয়নমণি গগৈ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পত্নীৰ পি এছ অ’ জনে মুখ্য ন্যায়াধীশৰ বাসগৃহতে নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে। অৱশ্যে পি এছ অ’ গৰাকীয়ে কি কাৰণত কি পৰিস্থিতিত পৰি আত্মহত্যাৰ দৰে পথ বাচি ল’লে তাক বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে পি এছ অ’ গৰাকীৰ হাতত থকা বন্দুকটোৰ পৰা দুৰ্ভাগ্যবশত গুলী ওলাই যোৱাৰ ফলত তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।