• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন ঠাইত কাৰ্বি আংলঙৰ ঘটনাটোত শোকপ্ৰকাশ-প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 10:15 pm
Kaliabor

কলিয়াবৰত বন্তি প্ৰজ্বলনেৰে নীলোৎপল দাস আৰু অভিজিত নাথলৈ শ্ৰদ্ধাঞ্জলি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰিত মানুহৰ অকল্পনীয় নৃশংসতাৰ বলি হৈ অকাল মৃত্যু হোৱা নীলোৎপল আৰু অভিজিতৰ হত্যাৰ ন্যায় বিচাৰৰ দাবীত আৰু দুয়োজনৰ আত্মাৰ সদগতি কামনা কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি মমবাতি জ্বলায় ৰাজ্যৰ বিভিন্ন স্তৰৰ নাগৰিকসকলে। আন কিছুমান ঠাইত প্ৰতিবাদী ৰাইজে সমদল উলিয়ায়।

কলিয়াবৰৰ পৰা ৰিদিপ শর্মা :

শ্ৰী শ্ৰী কৰতীপাৰ বগাজন সত্ৰ নামঘৰ প্ৰাংগণত বন্তি প্ৰজলন কলিয়াবৰবাসী ৰাইজৰ

কাৰ্বি আংলঙত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত প্ৰাণ আহুতি হোৱা প্ৰতিভাৱান শিল্পী অভিজিত নাথ আৰু তেওঁৰ বন্ধু নীলোৎপল দাসৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যত এক শোকাকূল পৰিবেশৰ সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে নগাৱঁতো দুয়োজন যুৱকৰ আত্মাৰ শান্তি কামনাৰে দল-সংগঠনে বন্তি প্ৰজ্জ্বলন কৰে। আজি সন্ধিয়া কলিয়াবৰৰ কুঁৱৰীটোলস্থিত শ্ৰী শ্ৰী কৰতীপাৰ বগাজন সত্ৰ নামঘৰ প্ৰাংগণত কলিয়াবৰবাসী ৰাইজ একত্ৰিত হৈ বন্তি প্ৰজলন কৰে।

ইয়াৰোপৰি কলিয়াবৰ জুবিন ফ্রেইণ্ড ক্লাবৰ সদস্যসকলেও কুঁৱৰীটোল চাৰিআলিৰ বকুলতলত বন্তি প্ৰজ্জ্বলন কৰি মৌন প্ৰাৰ্থনা জনায় দুয়োৰে আত্মাৰ সদগতি কামনা কৰে।

অসমত যাতে কেতিয়াও আৰু এনেকুৱা হত্যাকাণ্ড নহয়, আৰু মানুহৰ মানসিকতা যাতে ইমান নিম্নগামী নহয়, আৰু সকলো জাতি-জনজাতি লোকে মিলা-প্ৰীতিৰে বসবাস কৰি এখন সুস্থিৰ সমাজৰ বাৰ্তা কঢ়িয়াই নিয়ে, তাৰেই পোষকতা কৰিছে কলিয়াবৰবাসী ৰাইজে।

 

মাজুলীৰ পৰা মিটু খাটনিয়াৰ :

ডকমকাত সংঘটিত জঘন্য কাণ্ডত ম্ৰিয়মাণ মাজুলীবাসী : অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে বন্তি প্ৰজ্বলন

মাজুলীত বন্তি প্ৰজ্বলনেৰে নীলোৎপল দাস আৰু অভিজিত নাথলৈ শ্ৰদ্ধাঞ্জলি।

কাৰ্বি আংলঙৰ ডকমকাৰ মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুওৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে মাজুলীবাসী। আজি কমলাবাৰীত দুয়োৰে বিদেহ আত্মাৰ সদগতিৰ অৰ্থে সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলন কৰে। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰবাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

 

 

 

গৌৰীসাগৰৰ পৰা ৰাজীৱ দত্ত :

কাৰ্বি আংলঙৰ ডকমকাৰ কাণ্ডত জড়িতৰ  শাস্তিৰ দাবীত গৌৰীসাগৰত মৌন প্ৰতিবাদী সমদল

কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাই হাতে হাতে প্লেকাৰ্ড, বেনাৰ  আৰু জ্বলন্ত ম’ম লৈ গৌৰীসাগৰত আজি সন্ধ্যা গৌৰীসাগৰ অঞ্চলৰ দল-সংগঠন নিৰ্বিশেষে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে গৌৰীসাগৰ ৰাজ্যিক  পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৌৰীসাগৰ থানালৈকে এক প্ৰতিবাদী মৌন সমদল উলিয়ায়।

‘অন্ধ বিশ্বাস দূৰ কৰক’, ‘ঘটনাৰ উচিত তদন্ত কৰক’, ‘ঘটনাৰ লগত জড়িত দোষীক ফাঁচি দিয়ক’ আদি শ্লগান লিখা প্লেকাৰ্ড লৈ মৌন সমদল কৰা প্ৰতিবাদী দলটোৱে আৰম্ভণিতে গৌৰীসাগৰ ৰাজ্যিক বাছ আস্থানত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

সাংবাদিক ৰাজীৱ দত্তই আঁত ধৰা সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদক দিব্যজ্যোতি দাস, জিলা অনুসূচিত জাতি মহিলা পৰিষদৰ সম্পাদিকা ববিতা দাস হাজৰিকা, শিক্ষক, কবি, সাহিত্যিক শ্ৰীমন্ত দত্ত, তপন নাথ আদি কৰি বহুকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

নীলোৎপল দাস আৰু অভিজিত নাথৰ হত্যাৰ প্ৰতিবাদ, গৌৰীসাগৰত।

তাৰ পাছত প্ৰতিবাদী সমদলটো থানাৰ সন্মুখত উপস্থিত হৈ  গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাৰ জৰিয়তে অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্বতস্ফূৰ্ততভাৱে ওলাই অহা প্ৰতিবাদী সমদলটোত আছুৰ  জিলা সাংগঠনিক সম্পাদক দেবব্ৰত দাস, গৌৰীসাগৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্দানুজ বৰা, আটাছুৰ জিলা উপসভাপতি মৌচুম বুঢ়াগোহাঁই আদি উপস্থিত থাকে৷

ইফালে চাৰিং বাৰূৱতী যুৱ সমাজে এশ এডাল ম’মবাতি জ্বলাই অভিজিৎ নাথ আৰু নীলোৎপল দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সতীসাধনী শিশু উদ্যানত এশ এডাল ম’মবাতি জ্বলাই নিৰীহ যুৱকদ্বয় অভিজিৎ নাথ আৰু নীলোৎপল দাসলৈ যুৱ সমাজে শ্ৰদ্ধাঞ্জলি যাঁচে। অঞ্চলটোৰ বহুসংখ্যক যুৱক তথা ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত ঘটনাৰ লগত জড়িত দোষী ব্যক্তিক কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd