কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰিত মানুহৰ অকল্পনীয় নৃশংসতাৰ বলি হৈ অকাল মৃত্যু হোৱা নীলোৎপল আৰু অভিজিতৰ হত্যাৰ ন্যায় বিচাৰৰ দাবীত আৰু দুয়োজনৰ আত্মাৰ সদগতি কামনা কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি মমবাতি জ্বলায় ৰাজ্যৰ বিভিন্ন স্তৰৰ নাগৰিকসকলে। আন কিছুমান ঠাইত প্ৰতিবাদী ৰাইজে সমদল উলিয়ায়।
কলিয়াবৰৰ পৰা ৰিদিপ শর্মা :
শ্ৰী শ্ৰী কৰতীপাৰ বগাজন সত্ৰ নামঘৰ প্ৰাংগণত বন্তি প্ৰজলন কলিয়াবৰবাসী ৰাইজৰ
কাৰ্বি আংলঙত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত প্ৰাণ আহুতি হোৱা প্ৰতিভাৱান শিল্পী অভিজিত নাথ আৰু তেওঁৰ বন্ধু নীলোৎপল দাসৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যত এক শোকাকূল পৰিবেশৰ সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে নগাৱঁতো দুয়োজন যুৱকৰ আত্মাৰ শান্তি কামনাৰে দল-সংগঠনে বন্তি প্ৰজ্জ্বলন কৰে। আজি সন্ধিয়া কলিয়াবৰৰ কুঁৱৰীটোলস্থিত শ্ৰী শ্ৰী কৰতীপাৰ বগাজন সত্ৰ নামঘৰ প্ৰাংগণত কলিয়াবৰবাসী ৰাইজ একত্ৰিত হৈ বন্তি প্ৰজলন কৰে।
ইয়াৰোপৰি কলিয়াবৰ জুবিন ফ্রেইণ্ড ক্লাবৰ সদস্যসকলেও কুঁৱৰীটোল চাৰিআলিৰ বকুলতলত বন্তি প্ৰজ্জ্বলন কৰি মৌন প্ৰাৰ্থনা জনায় দুয়োৰে আত্মাৰ সদগতি কামনা কৰে।
অসমত যাতে কেতিয়াও আৰু এনেকুৱা হত্যাকাণ্ড নহয়, আৰু মানুহৰ মানসিকতা যাতে ইমান নিম্নগামী নহয়, আৰু সকলো জাতি-জনজাতি লোকে মিলা-প্ৰীতিৰে বসবাস কৰি এখন সুস্থিৰ সমাজৰ বাৰ্তা কঢ়িয়াই নিয়ে, তাৰেই পোষকতা কৰিছে কলিয়াবৰবাসী ৰাইজে।
মাজুলীৰ পৰা মিটু খাটনিয়াৰ :
ডকমকাত সংঘটিত জঘন্য কাণ্ডত ম্ৰিয়মাণ মাজুলীবাসী : অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে বন্তি প্ৰজ্বলন
কাৰ্বি আংলঙৰ ডকমকাৰ মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুওৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে মাজুলীবাসী। আজি কমলাবাৰীত দুয়োৰে বিদেহ আত্মাৰ সদগতিৰ অৰ্থে সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলন কৰে। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰবাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।
গৌৰীসাগৰৰ পৰা ৰাজীৱ দত্ত :
কাৰ্বি আংলঙৰ ডকমকাৰ কাণ্ডত জড়িতৰ শাস্তিৰ দাবীত গৌৰীসাগৰত মৌন প্ৰতিবাদী সমদল
কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাই হাতে হাতে প্লেকাৰ্ড, বেনাৰ আৰু জ্বলন্ত ম’ম লৈ গৌৰীসাগৰত আজি সন্ধ্যা গৌৰীসাগৰ অঞ্চলৰ দল-সংগঠন নিৰ্বিশেষে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে গৌৰীসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৌৰীসাগৰ থানালৈকে এক প্ৰতিবাদী মৌন সমদল উলিয়ায়।
‘অন্ধ বিশ্বাস দূৰ কৰক’, ‘ঘটনাৰ উচিত তদন্ত কৰক’, ‘ঘটনাৰ লগত জড়িত দোষীক ফাঁচি দিয়ক’ আদি শ্লগান লিখা প্লেকাৰ্ড লৈ মৌন সমদল কৰা প্ৰতিবাদী দলটোৱে আৰম্ভণিতে গৌৰীসাগৰ ৰাজ্যিক বাছ আস্থানত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।
সাংবাদিক ৰাজীৱ দত্তই আঁত ধৰা সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদক দিব্যজ্যোতি দাস, জিলা অনুসূচিত জাতি মহিলা পৰিষদৰ সম্পাদিকা ববিতা দাস হাজৰিকা, শিক্ষক, কবি, সাহিত্যিক শ্ৰীমন্ত দত্ত, তপন নাথ আদি কৰি বহুকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
তাৰ পাছত প্ৰতিবাদী সমদলটো থানাৰ সন্মুখত উপস্থিত হৈ গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাৰ জৰিয়তে অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্বতস্ফূৰ্ততভাৱে ওলাই অহা প্ৰতিবাদী সমদলটোত আছুৰ জিলা সাংগঠনিক সম্পাদক দেবব্ৰত দাস, গৌৰীসাগৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্দানুজ বৰা, আটাছুৰ জিলা উপসভাপতি মৌচুম বুঢ়াগোহাঁই আদি উপস্থিত থাকে৷
ইফালে চাৰিং বাৰূৱতী যুৱ সমাজে এশ এডাল ম’মবাতি জ্বলাই অভিজিৎ নাথ আৰু নীলোৎপল দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সতীসাধনী শিশু উদ্যানত এশ এডাল ম’মবাতি জ্বলাই নিৰীহ যুৱকদ্বয় অভিজিৎ নাথ আৰু নীলোৎপল দাসলৈ যুৱ সমাজে শ্ৰদ্ধাঞ্জলি যাঁচে। অঞ্চলটোৰ বহুসংখ্যক যুৱক তথা ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত ঘটনাৰ লগত জড়িত দোষী ব্যক্তিক কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায়।