বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বিছাগু উদযাপন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

কোকৰাঝাৰ জিলাৰ গোছাইনিছিনা খেলপথাৰত ব্যাপক উলহ মালহেৰে গোছাইনিছিনা অঞ্চলৰ ১২ খন গাঁৱৰ লোকে ৰঞ্জালী বিছাগু আৰু বিহু উদযাপন কৰে। গোছাইনিছিনা হালামনি ৰঞ্জালী বিছাগু কুংফুং আফাড সমিতিৰ উদ্যোগত গোছাইনিছিনা, টেঙাইগাঁও, ঔগুৰি আদিৰ মুঠ ১২ খন গাঁৱৰ লোকে এই উৎসৱটি প্ৰতিবছৰে পালন কৰা দেখা যায়।

গোছাইনিছিনা খেলপথাৰত সমূহিয়াকৈ উদযাপন কৰা বসন্ত উৎসৱত হাজাৰ হাজাৰ গাঁৱবাসীৰ লগতে প্ৰায় ১২০ জনৰো অধিক চৰকাৰী আমোলা বিষয়া উপস্থিত থাকে। উক্ত উৎসৱত বিজনীৰ অতিৰিক্ত উপায়ুক্ত গুকুল ব্ৰহ্ম, ডিএফঅ’, বিদ্যালয় পৰিদৰ্শক, উকীল, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, শিক্ষক, প্ৰফেছৰ, সেনাবাহিনীৰ লোকৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে বিভিন্ন পৰম্পৰাগত বাদ্যযন্ত্ৰ যেণে কাম যটা, চিফুং, চেঞ্জা আদি বজাই সমগ্ৰ অঞ্চলজুৰি এক মধুৰ পৰিৱেশ গঢ়ি তোলে।

এই উৎসৱৰ আয়োজক সমিতিৰ বিজু বসুমতাৰী নামৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়- ‘গোছাইনিছিনা অঞ্চলৰ ১২ খন গাঁৱৰ লোক, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্ম কৰি থকা চৰকাৰী বিষয়া আৰু শিক্ষাৰ্থীসকলক লগত লৈয়ে আমি সংগবদ্ধভাবে বিছাগু উৎসৱ পালন কৰো। এই উৎসৱৰ যোগেদি আমাৰ পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সমূহ নৱ প্ৰজন্মক আভাষ দিয়াৰ লগতে তেওঁলোকৰ মাজত আমাৰ কৃষ্টি সংস্কৃতি সমূহ যাতে জীয়াই থাকে সেই কাৰণেই আমি ঐক্যবদ্ধভাবে এই উৎসৱৰ আয়োজন কৰো’।

ইয়াৰ উপৰি ৰঞ্জালী উৎসৱৰ লগত সংগতি ৰাখিয়েই বিভিন্ন কুইজ প্ৰতিযোগিতা, বিছাগু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক আৰু মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।