বিমানেৰে কলকাতালৈ ঘুৰাই পঠিওৱা হ’ল তৃণমূলৰ ৬ গৰাকী প্ৰতিনিধিক, আবেলি পঠাব আন দুজনক

TMC-570x320

তৃণমূল কংগ্ৰেছৰ নেতৃত্বক কাচাৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বাধা দিছে। ফটো : নৰ্থইষ্ট নাও

বৰাক উপত্যকাৰ কাচাৰ জিলা প্ৰশাসনে অতি চতুৰতাৰে তথা সংঘবদ্ধ পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা সম্পৰ্কত শিলচৰ চহৰত অনুষ্ঠিত হ’বলগীয়া এখন ৰাজহুৱা সভাত অংশ ল’বলৈ শিলচৰত আহি উপস্থিত হোৱা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ ছয় সদস্যক ঘুৰাই পঠিয়াইছে।

আজি ৰাতিপুৱা ৭-৫৫ বজাত শিলচৰ বিমানবন্দৰৰ পৰা এখন বিমানেৰে তৃণমূল কংগ্ৰেছৰ ছয়জনীয়া সদস্যৰ দলটোক কলকাতালৈ পঠিয়াই দিয়া হয়।

প্ৰতিনিধি দলটোৰ বাকী দুজন সদস্য এতিয়াও শিলচৰতে অপেক্ষা কৰি আছে আৰু আজি আবেলিৰ পিনে তেওঁলোকক ঘুৰাই পঠোৱা হ’ব।

বৃহস্পতিবাৰে আগবেলা কুম্ভীৰগ্ৰাম বিমানবন্দৰত তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু অসম আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ এক অভূতপূৰ্ব দৃশ্য কাচাৰ জিলা প্ৰশাসনে প্ৰত্যক্ষ কৰে।

আৰক্ষীয়ে শিলচৰৰ এন আৰ চি সম্পৰ্কীয় এখন ৰাজহুৱা সভাত যোগদান কৰিবলৈ অআহি শিলচৰত আহি উপস্থিত হোৱাৰ পিছতে আঠজনীয়া তৃণমূল কংগ্ৰেছৰ দলটোক বিমানবন্দৰত আবদ্ধ কৰি ৰাখে।

ইয়াৰ পিছত তেওঁলোকক শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ অতিথিশালালৈ লৈ গৈ গৃহবন্দী কৰি ৰখা হয়। তেওঁলোকৰ ভ্ৰমণে পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে বুলি কৈ আৰক্ষীয়ে তেওঁলোক উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰতে তেওঁলোকক বাধা দিয়ে।

উল্লেখযোগ্য যে কাচাৰ জিলা প্ৰশাসনে বুধবাৰে নিশা ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাননী জাৰি কৰে আৰু জিলাখনত এন আৰ চি প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ব খোজা যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল।

তৃণমূল কংগ্ৰেছৰ দলটোৱে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ অসমৰ বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ কথা আছিল।