NORTHEAST NOW (Assamese)

বিমুদ্ৰাকৰণৰ ডেৰ বছৰৰ পিছত মৰিয়নীত আৰক্ষীয়ে ৬ লক্ষাধিক টকাৰ অচল নোটৰ সৈতে আটক কৰে ৩ জনক

April 1, 2018 11:07 pm · এন ই নাও নিউজ

যোৰহাট আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ পৰা বৃহৎ সংখ্যক অচল নোটৰ সৈতে ৩ জন ব্যক্তিক আটক কৰে।

আনহাতে বিমুদ্ৰাকৰণৰ প্ৰায় ডেৰ বছৰৰ পিছত এনেদৰে অচল নোট উদ্ধাৰ হোৱা কাৰ্যই অচল নোট সমূহ যে এতিয়াও সলনি কৰাৰ বাবে একাংশই চেষ্টা চলাই আছে বুলি তাকে প্ৰমাণ কৰিছে বুলি স্থানীয় একাংশই প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য মতে যোৰহাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নন্দিতা কাকতিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অচল নোট সলনি কৰিবলৈ অহা অৱস্থাত নকছাৰীৰ চমুৱা গাঁৱৰ পৰা তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে ধৃত লোককেইজনৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট মিলাই প্ৰায় ৬ লাক্ষাধিক টকা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে চমুৱা গাঁৱৰ ধৰ্মেশ্বৰ লাহন নামৰ এজন ব্যক্তিৰ দোকানত এই ধনৰ লেনদেন হৈছিল। আনহাতে অচল নোট লৈ অহা ধৃত আন দুজন ব্যক্তি হ’ল আমগুৰি ম’ৰাবজাৰৰ নিবাসী সাহাবুদ্দিন আহমেদ (৩৮) আৰু আমগুৰি বৰাহীবাৰীৰ নিবাসী জয়ন্ত বৰবৰুৱা ( ৪৮)।

ইতিমধ্যে আৰক্ষীয়ে ধৃত তিনিওজনকে অধিক সোধ-পোছৰ বাবে মৰিয়ানী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News