দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ ৮৫ গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
নাগালেণ্ডৰ বিশিষ্ট গান্ধীবাদী লেনটিনা আও থাক্কৰলৈ সমাজ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা আগবঢ়াইছে। একেদৰে সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে নাগালেণ্ডৰ পিয়ায়ুং টেমজেন জমিৰলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে থাক্কৰ হৈছে প্ৰখ্যাত গান্ধীবাদী, মুক্তিযোদ্ধা তথা সমাজকৰ্মী নটৱাৰ থাক্কৰৰ পত্নী।
কেইবা দশকো ধৰি নাগালেণ্ডৰ মুককছুঙৰ চুচুইমলাঙ গাঁৱত থকা গান্ধী আশ্ৰমত এগৰাকী গান্ধীবাদী হিচাপে সেৱা আগবঢ়াই অহা লেনটিনা আও থাক্কৰ হৈছে সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰা তেওঁৰ গাওঁখনৰ প্ৰথমগৰাকী মহিলা।
সূত্ৰসমূহৰ অনুসৰি ১৯৫০ চনত গুৱাহাটীৰ উলুবাৰীত থকা কস্তুৰবা আশ্ৰমত গান্ধীবাদী মহিলা স্বেচ্ছাসেৱিকা হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰথমগৰাকী নাগা মহিলা হৈছে লেনটিনা আও থাক্কৰ। তেওঁৰ বয়স বৰ্তমান ৮৪ বছৰ।
আনহাতে, সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ যোগোৱা বৰঙণিৰ বাবে মিজোৰামৰ এ জাকিয়ালৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।
মণিপুৰৰ ছৈখম মীৰাবাই চানুৱে ক্ৰীড়া (ভাৰত্তোলন)ৰ বাবে পদ্মশ্ৰী লাভ কৰাৰ লগতে কলা (বোৱাকটা) ৰ বাবে পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে লাংপক্লাকপাম সুবাদনি দেৱীক।
ত্ৰিপুৰাৰ সোমদেৱ দেৱবৰ্মনক ক্ৰীড়া (টেনিছ)ৰ বাবে পদ্মশ্ৰী বঁটা দিয়া হৈছে। অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে অৰূপ কুমাৰ দত্ত আৰু জয়শ্ৰী গোস্বামী মহন্তক আৰু শিক্ষা-সাংবাদিকতাৰ বাবে প্ৰফুল্ল গোৱিন্দ বৰুৱাক পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।