বিশ্বনাথত দুৰ্ধর্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ; ১২ হাজাৰ টকাসহ মোবাইল ফোন জব্দ

কাজিৰঙাৰ নৰ্দাণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱা ১০:৩০ বজাত দুৰ্ধৰ্ষ গঁড় চিকাৰী হবিবুৰ ৰহমান ওৰফে কাটিখোৱাক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২০১৬ চনৰ ২২ ডিচেম্বৰত বাগৰী নলাৰৰ ভেৰভেৰী নলাত সংঘটিত হোৱা গঁড় হত্যাকাণ্ডৰ মুল অভিযুক্ত হবিবুৰ ৰহমানে তেতিয়াৰ পৰাই আত্মগোপন কৰি আছিল যদিও আজি তেওঁ বন বিভাগৰ হাতত ধৰা পৰে।

বিগত মাহৰ শেষৰ ভাগত বাঘমাৰীৰ চোট পামৰ পৰা কাজিৰঙাৰ নৰ্দাণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই গ্ৰেপ্তাৰ কৰা আকবৰ আলিৰ স্বীকাৰোক্তি মতে শেহতীয়া ভাবে তেওঁ আৰু হবিবুৰ ৰহমানে বাগৰী ৰেঞ্জৰ অধীনৰ এলেকাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল।

ইতিমধ্যে কাজিৰঙা নৰ্ডাণ ৰেঞ্জে হবিবুৰ ৰহমান ওৰফে কাটিখোৱাৰ পৰা নগদ ১২ হাজাৰ টকাসহ এটা মোবাইল ফোন জব্দ কৰিছে।

অধিক তথ্য উদঘাটনৰ উদ্দেশ্যেৰে সম্প্ৰতি কাজিৰঙা নৰ্ডাণ ৰেঞ্জে হবিবুৰক মাৰাথান জেৰা অব্যাহত ৰাখিছে।