NORTHEAST NOW (Assamese)

বিশ্বনাথত পথ দুৰ্ঘটনাত এজন নিহত; উত্তেজিত ৰাইজৰ মৃতদেহ লৈ ৰাজথত প্ৰতিবাদ

July 16, 2018 10:06 pm · কাজি জেইদুল ইছলাম
Updated: July 16, 2018 10:10 pm
বিশ্বনাথৰ মোনাবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন মোনাবাৰী চাহ বাগিচাৰ নিউ লাইনৰ সুনিল নাহক বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে নিউ লাইনৰ সুনিল নাহকে চাইকেলেৰে বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথতে এখন তীব্ৰ বেগত অহা চাহপাত কঢ়িওৱা বলেৰ’ পিক আপ ভানে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় সুনিল নাহক। আৰু দুৰ্ঘটনা সংঘটিত কৰি চাহপাত কঢ়িওৱা বলেৰ’ পিক আপ ভানখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আনহাতে এই দুৰ্ঘটনাক লৈ অঞ্চলটোত এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় ৰাইজে মৃতদেহ লৈ ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে জুই জ্বলাই পথ অৱৰোধ কৰে।
ইফালে উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে।

Related News