NORTHEAST NOW (Assamese)

বিশ্বনাথত বিজেপিৰ ৩৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন

April 7, 2018 8:38 am · কাজি জেইদুল ইছলাম

ভাৰতীয় জনতা পাৰ্টিৰ ৩৯  তম প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে বিজেপিৰ  বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা বিজেপিৰ কাৰ্য্যালয়ৰ সমীপত অনুষ্ঠিত হৈ যায় |

পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতিয়ে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ আঁত ধৰে জিলা সম্পাদক মোহন মহন্তই ।

ইয়াৰ পিছতে পৰেশ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ সভাপতি দিগন্ত ঘটোৱাৰ ,ৰাজ্যিক সম্পাদক অমিয় ভূঞাই দলৰ নীতি আদৰ্শৰে কাম কাজ আগবঢ়াই যাবলৈ কৰ্মী সকলৰ প্ৰতি আহ্বান জনায়।

বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ডাঃ ৰঞ্জন গগৈয়ে আঁত ধৰা সভাত প্ৰবীণ বিজেপি নেতা বিনন্দি কলিতা, ভবেন বৰা, অতুল বৰা, ধৰ্মানন্দ শৰ্মা, গকুল গোস্বামী, প্ৰভাত ঠাকুৰীয়া, সোন মাই গোস্বামী আৰু মণি হাজাৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ৰাজ্যখনত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছে। তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰি তুলি ৰাজ্যখনত জনসাধাৰণৰ আস্থা অৰ্জনৰ বাবে বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা চলাই অহাৰ লগতে পঞ্চায়ত পৰ্যায়ত নিজৰ স্থিতি মজবুত কৰি তুলিবলৈ সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে।

Related News