অসমৰ চাহ-শিল্পৰ লগত জড়িত চাহ জনগোষ্ঠীয় লোকৰ মাজত শিক্ষাৰ মান বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপন কৰা হ’ব ১০০খন উচ্চ মাধ্যমিক বিদ্যালয়। অসম বিধানসভাত শুকুৰবাৰে এই তথ্য সদৰী কৰে শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসে।
এই বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খন বিদ্যালয় নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ভূমি চূড়ান্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে অসম বিধানসভাৰ পূৰ্বৰ অধিৱেশনত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উদ্যোগত চাহ জনগোষ্ঠীৰ সমস্যাৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছিল। তাৰ পাছত চৰকাৰে চাহ জনগোষ্ঠীটোৰ বাবে কি কি কাম কৰাৰ সিদ্ধান্ত ল’লে সেই সন্দৰ্ভত বিধানসভাত শুকুৰবাৰে বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে এক প্ৰতিবেদন দাখিল কৰে।
প্ৰতিবেদন দাখিল কৰি মন্ত্ৰী দাসে সদনক জনায় যে নতুনকৈ স্থাপন হ’ব লগা উচ্চ মাধ্যমিক বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খনৰ নিৰ্মাণ কাম সোনকালে আৰম্ভ হ’ব। জনগোষ্ঠীটোৰ বাবে গ্ৰহণ কৰা কেইবাটাও বিষয় উত্থাপন কৰি তেওঁ কয় যে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰিৰ সমান হ’ব লাগিব।
যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰাৰ লগতে অসম চাহ নিগমৰ বাগিচাকেইখনৰ উত্তৰণৰ ব্যৱস্থা কৰা হ’ব। চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰা বাবে বাজেটত ১৭ কোটি টকা ধাৰ্য কৰাৰ লগতে অসম চাহ নিগমৰ ১৫খন বাগিচাৰ উত্তৰণৰ বাবে ৯৯ কোটি টকা ধাৰ্য কৰাৰ কথা ব্যক্ত কৰি এই সন্দৰ্ভত কেবিনেট উপ-সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী দাসে উল্লেখ কৰে।
প্ৰথমবাৰৰ বাবে চাহ বাগিচা অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰা, শোণিতপুৰ আৰু তিনিচুকীয়াত ফুটবল একাডেমী স্থাপন কৰা, বাগিচাৰ শ্ৰমিকক বিদ্যুতৰ মিটাৰ যোগান ধৰা, এ পি এছ চি আৰু ইউ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা চাহ জনজাতিৰ প্ৰাৰ্থীক বিশেষ প্ৰশিক্ষণ দিয়া আদি বিভিন্ন পদক্ষেপৰ কথা মন্ত্ৰী গৰাকীয়ে বিধানসভাত উল্লেখ কৰে।
তদুপৰি, নতুন চাহ সঞ্চালকালয় স্থাপন কৰা, চাহ জনজাতিৰ লোকক ভূমিৰ আবণ্টন দিয়াকে ধৰি চাহ জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলৰ নাম ক্ৰমাৎ হেৰাই যাবলৈ ধৰাত এতিয়া নতুনকৈ তাৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনগোষ্ঠীয় অঞ্চলত ৫০খন ৰংগমঞ্চ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।