বিশ্বনাথত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিনিধিমুলক সভা অনুষ্ঠিত

IMG-20180808-WA0017

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক আজিজুল ৰহমানে অভিযোগ কৰিছে যে ‘‘গৰিয়া মৰিয়া দেশী খিলঞ্জীয়া মুছলমান সকল আজি অস্তিত্বৰ সংকটত ককবকাই আছে। চিনাক্তকৰণৰ অভাৱৰ বাবেই এই খিলঞ্জীয়া লোকসকল বিদেশীৰ সন্দেহত হাৰাশাস্তি খাই নিজৰ অস্তিত্ব হেৰুৱা পথত।’’

আজি বিশ্বনাথৰ চতিয়াৰ অন্তৰ্গত ঘাহিগাৱত আলহাজ আফতাব উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিনিধিমুলক সভা ও নৱ নিৰ্বাচিত বিশ্বনাথ জিলা সমিতি গঠন কৰা হয়। শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানৰ লগতে সহকাৰী সম্পাদক স্বহীদ আলী,  দৰং জিলাৰ সহ সম্পাদক ৰেকিবুৰ ৰহমানকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে এই খিলঞ্জীয়া লোকসকল বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে। অসম তথা মাতৃভূমিৰ হৈ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত চহিদো হৈছে  কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে গোষ্ঠী তিনিটা (গৰিয়া, মৰিয়া, দেশী)  সকলক প্ৰশাসনৰ এচাম দুষ্ট চক্ৰই পৰিকল্পিত ভাৱে “ডি” ভোটাৰ সজাই খিলঞ্জীয়াৰ ভাবমূৰ্ত্তি বিনষ্ট কৰিছে। এই সভাৰ জৰিয়তে  চৰকাৰে  Vision Document ত উল্লেখ কৰা গৰিয়া মৰিয়া দেশী সকলক চিনাক্তকৰণৰ ব্যৱস্থা অতি সোনকালে কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰি সম্পাদক গৰাকীয়ে উল্লেখ কৰে যে বিগত সময়ত ৰাজ্যজুৰি উৎকন্ঠাৰ অন্ত পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত যি সকল গৰিয়া মৰিয়া দেশী লোকসকলৰ নাম প্ৰকাশ নহ’ল তেওঁলোকে এই বিষয়ত কোনো ভয় বা শংকা কৰা প্ৰয়োজন নাই।  নিদিৰ্ষ্ট প্ৰপত্ৰ পুৰণৰ জৰিয়তে আবেদন কৰাৰ লগতে যি সকল খিলঞ্জীয়াৰ নাম চূড়ান্ত খচৰাত প্ৰকাশ নাপালে তেওঁলোকক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা সম্পাদক গৰাকীয়ে সদৰি কৰে।

অনুষ্ঠান তথা সভাৰ লগতে সংগতি ৰাখি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নৱ নিযুক্ত বিশ্বনাথ জিলা সমিতি গঠন কৰা হয়।  উক্ত জিলা সমিতিৰ নৱ নিৰ্বাচিত বিষয়-ববীয়া তথা কাৰ্য্যকৰী সদস্যসকল হৈছে —সভাপতি আফতাব উদ্দিন আহমেদ, উপ সভাপতি ক্ৰমে ইউচুফ আলী, গিয়াছ উদ্দিন আহমেদ(ৰাছেল), পিয়াৰ আলী, বিকি আহমেদ, সাধাৰণ সম্পাদক  মইনুল ইছলাম, সহকাৰী সম্পাদক ক্ৰমে পিংকু ৰহমান, নাজিৰুল হক, ৰেকিব আলী আহমেদ, বিত্ত সম্পাদক  কাজি নজৰুল ইছলামকে আদি কৰি ৪১ জনীয়া বিষয়ববীয়া সহ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।