বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰয়াস: হেলমেট নিপিন্ধা আৰোহীক চকলেট প্ৰদান

বাইক আৰোহীসকলৰ অসাৱধনতাৰ বাবেই ৰাজ্যৰ ৰাজপথ সমূহত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিগত সময়ছোৱাত বিশ্বনাথৰ ৰাজপথতো ক্ৰমাৎ বৃদ্ধি পাইছে ভয়ংকৰ পথ দুৰ্ঘটনা

সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা কিছু পৰিমানে হ্ৰাস কৰাৰ উদ্দেশ্যে আজি বিশ্বনাথ চাৰিআলিত দেখা গ’ল এক অনন্য ছবি। বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সহযোগী জাতীয় দল-সংগঠনে |

উল্লেখযোগ্য যে সঘনাই বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ সহযোগিতাত হেলমেট পৰিধান নকৰা বাইক আৰোহী সকলক সজাগ আৰু সচেতন কৰি তুলা উদ্দেশ্যে আজি বিশেষ ব্যৱস্থা লয় ছাত্ৰ সন্থাই।

হেলমেট পৰিধান নকৰাকে ৰাজপথত বাইক চলোৱা আৰোহীসকলক শাস্তি হিচাপে চকলেট বিতৰণ কৰে ছাত্ৰ সন্থাৰ দলটোৱে। লগতে ভৱিষ্যতে হেলমেট পৰিধান কৰিহে বাইক চলাবলৈ আৰোহীসকলক অনুৰোধ জনায়।

আনহাতে দিনক দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সাম্প্ৰতিক সময়ত জাতীয় সংগঠনটোৱে গ্ৰহণ কৰা এই প্ৰচেষ্টাক জনসাধাৰণে ধন্যবাদ জনোৱাৰ লগতে সকলোৱে আদৰি লোৱা পৰিলক্ষিত হয় ।