NORTHEAST NOW (Assamese)

বিশ্বনাথত সম্পন্ন অসম জাতীয়তাবাদী যুঃ ছাঃ পৰিষদৰ আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশন

July 1, 2018 4:58 pm · কাজি জেইদুল ইছলাম
Updated: July 1, 2018 5:05 pm

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশনখন আজি ১ জুলাইত বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্ৰতিম শইকীয়াই সভাপতিত্ব কৰা সভাখনত সংগঠনটোৰ খালী হৈ থকা পদসমূহ পূৰণ কৰি মৃত্যুঞ্জয় সান্যালক সাধাৰণ সম্পাদক, আমজাদ আলী আৰু যুৱৰাজ কটোৱালক যুটীয়া সম্পাদক, মৃণাল শৰ্মাক সাংগঠনিক সম্পাদক আৰু পাৰ্থ প্ৰতিম দাসক উপদেষ্টাৰূপে নিৰ্বাচিত কৰা হয়।

বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কেন্দ্ৰীয় যুটীয়া সম্পাদক জিতু শৰ্মা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত, সাধাৰণ সম্পাদক অমৰ জ্যোতি বৰা, উপ সভাপতি দেৱব্ৰত মেধী, বিশ্বনাথ আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা নিহাৰ শইকীয়াও উপস্থিত আছিল।

সভাখনত আঞ্চলিক সমিতিখন অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জনাইছে বিষয়ববীয়াসকলে।

আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্ৰতিম শইকীয়াই পতাকা উত্তোলন আৰু উপ সভাপতি বাসৱ বাৰুতিয়ে চহিদ তৰ্পণ কৰা সভাখনত বিগত বছৰটোত আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ সম্বন্ধে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা হয়।

Related News