বিশ্বনাথৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰ্গৱে

শেহতীয়াকৈ এক সু-খবৰে সমগ্ৰ বিশ্বনাথবাসীকে আনন্দিত কৰি তুলিছে।

উল্লেখযোগ্য যে বিশ্বনাথৰ ভাৰ্গৱৰ নৱ ৰূপৰ ‘দ্য অৰডিয়েল’  নামৰ হিন্দী-ইংৰাজী ভাষাৰ ভৌতিক পূৰ্ণাংগ বোলছবিখনৰ সম্পূৰ্ণ প্ৰকল্পটো দক্ষিণ কোৰিয়াৰ বোচনত ১৪-১৮ জুলাইত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ আমন্ত্ৰিত হৈছে।

মন কৰিব লগীয়া যে বিশ্বৰ বাচকবনীয়া ১৫ খন বোলছবিৰ উপৰিও ভাৰতবৰ্ষৰ পৰা ভাৰ্গৱৰ বোলছবিখনে বিশেষভাৱে আমন্ত্ৰণ লাভ কৰা সুখবৰে বিশ্বনাথ চাৰিআলি তথা সমগ্ৰ ৰাজ্যখনলৈ এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

বিশ্ব অগ্ৰণী প্ৰযোজক, প্ৰতিষ্ঠানৰ সন্মুখত অন্যান্য বোলছবিৰ লগতে ভাৰ্গৱৰ ‘দ্য অৰডিয়েল’ ভৌতিক বোলছবিখনৰ সম্পূৰ্ণ প্ৰকল্পটো দাঙি ধৰা হ’ব। দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি উলিওৱা ‘দ্য অৰডিয়েল’ বোলছবিখন বিশ্বৰ সন্মানীয় ভৌতিক বোলছবি মহোৎসৱখনে বিশ্বৰ মূধাফুটা প্ৰযোজক-প্ৰতিষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰাবলৈ আগভাগ লোৱাত ভাৰ্গৱ উৎফুল্লিত হৈ পৰিছে।

মহোৎসৱখনে আগবঢ়োৱা যাতায়াত আৰু থকা-খোৱাৰ সকলো সুবিধা গ্ৰহণ কৰি প্ৰথম পূৰ্ণাংগ বোলছবিৰ পৰিচালক হিচাপে আত্ম প্ৰকাশ কৰিবলৈ ভাৰ্গৱে নিজকে সাজু কৰি তুলিছে।