NORTHEAST NOW (Assamese)

বিশ্বনাথ এক্সিচ বেংকৰ শাখা পৰিচালকৰ আত্মহত্যা ঘটনাৰ নতুন মোৰ

April 27, 2018 4:10 pm · এন ই নাও নিউজ

বিশ্বনাথৰ এক্সিচ বেংকৰ শাখা পৰিচালক নৱজিৎ কাকতিৰ আত্মহত্যাৰ ঘটনাই আজি এক নতুন মোৰ পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে বিশ্বনাথৰ এক্সিচ বেংকত প্ৰায় ৫০ লাখৰো অধিক টকাৰ কেলেংকাৰী হোৱা স্থানীয় ৰাইজে অভিডোগ তুলে। তাৰোপৰি স্থানীয় ৰাইজে আজি বেংকটোত উপস্থিত হৈ যদিও বেংকত প্ৰৱেশত বাধা বেংক কৰ্তৃপক্ষৰ।

আনহাতে বেংকটোৰ শাখা পৰিচালক নৱজিৎ কাকতিয়ে জালিয়াতি সংঘটিত কৰি হিচাপ মিলাব নোৱাৰাৰ ফলতে ২৬ এপ্ৰিলত আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। লগতে আৰক্ষীয়ে বেংকটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলাইছে।

উল্লেখযোগ্য যে বিশ্বানাথ বেংকটোৰ শাখা পৰিচালক নৱজিৎ কাকতিয়ে ২৬ এপ্ৰিলত বিশ্বনাথৰ শান্তিপুৰৰ ১০ নং ৱাৰ্ডৰ ভাড়া ঘৰত আত্মহত্যা কৰিছিল।

Related News