• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মন্ত্ৰীসভা সম্প্ৰসাৰণ : তাৎপৰ্য্য কি? উজলি উঠিবনে মুখ্যমন্ত্ৰী সোণোৱাল?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
April 27, 2018 4:09 pm
Guwahati-Oath taking ceremony rajbhawan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

এতিয়া আৰু সাংবাদিকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (  Sarbananda Sonowal ) মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া হ’ব বুলি প্ৰশ্ন কৰিব নালাগে। আৰু মুখ্য মন্ত্ৰীয়েও সাংবাদিকক এই সন্দৰ্ভত কৌশলী মন্তব্য কৰাৰ প্ৰয়োজন নাই। প্ৰায় দুবছৰ ধৰি চলা জল্পনা-কল্পনাৰ অন্ত পেলাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল। সোণোৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সাল-সলনি হ’ল দপ্তৰৰ। এই সম্প্ৰসাৰণে ৰাজ্যৰ ৰাজনীতি, চৰকাৰ-প্ৰশাসনৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য্য বহন কৰিছে। বিপুল জনাদেশেৰ ক্ষমতালৈ অহাৰ পিছতে পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰিব নোৱাৰাটো আছিল আশ্চৰ্য্যকৰ। কম সংখ্যক মন্ত্ৰীৰে কাম চলোৱাৰ বাবে চৰকাৰী কাম-কাজত পৰিছিল বিৰূপ প্ৰভাৱ।

Apply Now

৭জন নতুন মন্ত্ৰীৰ বিজেপিৰ ৫জন বাছনিৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী তথা দলৰ শীৰ্ষ নেতৃত্বই কেবাটাও দিশ চালিজাৰি চোৱা পৰিলক্ষিত হ’ল। চৰকাৰখনৰ কাৰ্যদক্ষতা, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই ৫গৰাকীক অন্তৰ্ভুক্ত কৰা হৈছে। পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক জ্যেষ্ঠতাৰ ভিত্তিত মন্ত্ৰিত্ব দি শিক্ষা, আইনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ অৰ্পণ কৰিছে। ভট্টাচাৰ্য্যৰ বাবেও প্ৰত্যাহ্বানমূলক হ’ব শিক্ষা দপ্তৰ। এশ শতাংশই বেমেজালিপূৰ্ণ শিক্ষা বিভাগক ন-ৰূপ দিবলৈ চেষ্টা কৰিব লাগিব তেওঁ। আৰু হয়তো শিক্ষা বিভাগৰ ওপৰত আৰ এছ এছৰো চোকা নজৰ থাকিব। সংঘ পৰিয়ালৰ মতাদৰ্শ প্ৰসাৰৰ সপোনটো গেৰুৱা বাহিনীৰ আছেই। সেইবাবেই  সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। মননশীল চিন্তা-চৰ্চাৰ সৈতে জড়িত ভট্টাচাৰ্য শিক্ষা মন্ত্ৰীৰূপে কিমান সফল হয়, সেয়া সময়ত প্ৰমাণ হ’ব। ডিফু সমষ্টিৰ বিধায়ক চুম ৰংহাঙক কেবিনেট মন্ত্ৰীৰূপে অন্তৰ্ভুক্তিৰে পাহাৰীয়া জিলা ৩খনত বিজেপিৰ সমৰ্থন ভেটি অটুট ৰখাত গুৰুত্ব দিয়া হৈছে। ৰাজনৈতিক কাৰ্য্যবাহী হিচাপে চুম ৰংহাঙৰ পূৰ্বৰ কাম-কাজ তুলনামূলকভাৱে ভাল আছিল। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে সবল নেতৃত্ব দিছিল ৰংহাঙে। তাৰ পূৰ্বে শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য থাকোঁতে তেওঁ জিলাখনৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ নতুন ৰূপ দিছিল। স্বাভাৱিকতে ৰংহাঙক দায়িত্ব দিয়া হৈছে পাৰ্বত্য উন্নয়নৰ। আগন্তুক লোকসভা নিৰ্বাচনত ডিফু সমষ্টি দখলৰ বাবে বিজেপিয়ে তৰা ৰণচালিৰ এক প্ৰধান দায়িত্ব পৰিছে চুম ৰংহাঙৰ ওপৰত।

৩জন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ ভিতৰত তপন গগৈৰ মন্ত্ৰিত্ব লাভ ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক দিশৰ পৰা লক্ষণীয়। ৰাজ্যৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ থকা আহোম জনগোষ্ঠীৰ প্ৰতিনিধি সোণোৱাল মন্ত্ৰীসভাত নথকাৰ ফলত ৰাজনৈতিকভাৱে সমস্যাত পৰিছিল বিজেপি। তাৰোপৰি প্ৰাক্তন আছু নেতা হিচাপে তপন গগৈৰ আছে আন এক প্ৰভাৱ। আৰু ই বিজেপিৰ বাবে অতি প্ৰয়োজনীয়। সেইবাবেই তেওঁক অৰ্পণ কৰা হৈছে শক্তি বিভাগৰ দৰে গুৰু দায়িত্ব। মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’, সোণোৱালৰ ‘এডভাণ্টেইজ আছাম’ৰ প্ৰাথমিক প্ৰয়োজনীয়তাই হৈছে শক্তি। মুখ্য মন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ তপন গগৈয়ে শক্তিখণ্ডক শক্তিশালী কৰিব লাগিব। এয়া হ’ব মন্ত্ৰী হিচাপে গগৈৰ ডাঙৰ পৰীক্ষা। আৰ এছ এছৰ সৈতে অতি সু-সম্পৰ্ক থকা ভৱেশ কলিতাই লাভ কৰিছে জলসিঞ্চনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ। পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব লাভো বিজেপিৰ অভ্যন্তৰীণ ৰাজনীতিত মন কৰিবলগীয়া। প্ৰত্যাশিতভাৱেই অগপৰ ফণীভূষণ চৌধুৰীয়ে খাদ্য আৰু অসামৰিক যোগান, বিপিএফৰ চন্দন ব্ৰহ্মই লাভ কৰিছে পৰ্য্যটন, ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ।

প্ৰশান্ত ফুকন, ৰমাকান্ত দেউৰী, অতুল বৰা, আমিনুল হক লস্কৰৰ মুকলি অসন্তুষ্টি সত্ত্বেও ক’বই লাগিব যে- মুখ্য মন্ত্ৰী সোণোৱালে ভালদৰে মোকাবিলা কৰিলে মন্ত্ৰীসভা সম্প্ৰসাৰণ। দপ্তৰ বিতৰণ আৰু সাল-সলনিত প্ৰমাণ হ’ল সোণোৱালৰ কৰ্তৃত্ব। ৰাজনৈতিক সমীকৰণ ভালদৰেই চম্ভালিছে। কিন্তু দক্ষতা বৃদ্ধি কৰিব পাৰিবনে তেওঁৰ মন্ত্ৰীসভাৰ? এতিয়ালৈকে আশাব্যঞ্জক নহয় কোনোটো বিভাগৰে কামকাজ। জনসাধাৰণেও ইয়াক লক্ষ্য কৰিছে। আৰম্ভ হৈছে মোহভংগ। সোণোৱাল চৰকাৰৰ কৰ্মদক্ষতাৰ ওপৰতে নিৰ্ভৰ কৰিছে ৰাজ্যখন। অসমত বিজেপিৰ ভৱিষ্যৎ। পথ বৰ মসৃণ নহয়। আগন্তুক সময় হ’ব চৰকাৰৰ বাবে অগ্নিপৰীক্ষা। এই অগ্নিপৰীক্ষাত উত্তীৰ্ণ হৈ উজলি উঠিব পাৰিবনে সৰ্বানন্দ সোণোৱাল?

লেখক এজন জ্যেষ্ঠ সাংবাদিক

লেখকৰ ই মে’ইল ঠিকনা : [email protected]

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd