NORTHEAST NOW (Assamese)

বিশ্বনাথ গোৱালতলিত অজ্ঞাত কাৰণত ‘চিপ লৈ আত্মহত্যা’ যুৱকৰ

April 20, 2018 3:45 pm · কাজী জেইদুল ইছলাম

বিশ্বনাথৰ গোৱালতলিত বৃ্হস্পতিবাৰে নিশা আনোৱাৰ হুছেইন নামৰ এজন বিবাহিত যুৱকক চিপ লৈ আত্মহত্যা কৰাৰ অৱস্থাত পোৱা গৈছে|

জানিব পৰা মতে ৰাতি প্ৰায় ১২.৩০ মান বজাত যুৱকজনক চিপ লৈ থকা মাকে দেখা পায়। কিন্তু মাকে দেখা অৱস্থাত ইতিমধ্যে মৃত্যু হৈছিল যুৱকজনৰ।

পিছত ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

২৫ বছৰীয়া আনোৱাৰ হুছেইনে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

পৰিয়ালৰ লোকে কোৱা মতে যুৱকজনৰ সৈতে কোনো ধৰণৰ অন্তঃকণ্ডল নাছিল।

Related News