NORTHEAST NOW (Assamese)

বিশ্বনাথ চাৰিআলিত ৰে’লৱে অভিযন্তা মৃনাল কুমাৰ তামুলীৰ ঘৰত নিশা চি বি আইৰ তালাচী

July 21, 2018 8:43 pm · কাজি জেইদুল ইছলাম
শুকুৰবাৰে নিশা বিশ্বনাথ চাৰিআলিত থকা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা মৃনাল কুমাৰ তামুলীৰ বাসভৱনত চি বি আইৰ এটা ৯ জনীয়া দলে তালাচী চলায়। লগতে ভাৰতীয় ষ্টেট বেংকৰ বিশ্বনাথ চাৰিআলি শাখাত থকা তামুলীৰ পত্নী নিহাৰীকা শৰ্মাৰ সোণৰ গহনা থকা  বেংকৰ এটা লকাৰো চি বি আইৰ দলটোৱে ছীল কৰিছে। আৰু এই কথা অভিযন্তা গৰাকীৰ পত্নী আৰু বেংক বিষয়াই নিজ মুখে স্বীকাৰ কৰিছে।
উল্লেখযোগ্য যে বগীবিল প্ৰকল্পৰ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা ৰে’লৱে অভিযন্তা গৰাকীৰ চাকৰি জীৱনৰ মাত্ৰ ৯ টা বছৰতে কেইবাকোটি টকা আৰু সম্পত্তিৰ গৰাকী হোৱাৰ বিষয়টোৰ সন্দৰ্ভত চি বি আইয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছিল। অভিযন্তা গৰাকীৰ আয়তকৈ ২কোটি ৫৫ লাখ ৬৬ হাজাৰ ৬ শ ৯০ টকাৰ সম্পত্তি বেছি পাইছে অনুসন্ধান কাৰী সংস্থাটোয়ে।
মন কৰিব লগীয়া যে ২০০৯ বৰ্ষত ৰে’লৱেত অভিযন্তা হিচাপে যোগদান কৰা তামুলীয়ে ৯টা বৰ্ষত ২কোটি ৭৯ লাখ ২৪ হাজাৰ ৫ শ ৯৮ টকাৰ সম্পত্তিৰ গৰাকী হয় তামুলী। আনিক চি বি আইয়ে দাখিল কৰা এজাহাৰত স্পষ্টকৈ উল্লেখ থকা অনুসৰি ৯ টা বছৰত ৰে’লৱেৰ অভিযন্তা জনে আহৰণ কৰা পৰ্বত সম সম্পত্তিৰ কথা। চাকৰি জীৱনত নগাঁও, তেজপুৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটীত মাটি সম্পত্তিৰ গৰাকী হৈছে। আৰু এই পৰ্বতসম সম্পত্তিৰ উৎস বিচাৰি চি বি আইয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে।

Related News