NORTHEAST NOW (Assamese)

বিশ্বনাথ ৰে’ল ষ্টেইশ্যনত ২৩ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিলে আৰক্ষীয়ে

May 19, 2018 7:41 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ আৰক্ষীয়ে আজি এখন যাত্ৰীবাহী ৰে’লত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। মুকংচেলেঙৰ পৰা ৰঙিয়া যোৱা যাত্ৰীবাহী ৰে’লত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে ২৩ কাৰ্টন অৰুণাচলী সুৰা উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে প্ৰায় লক্ষাধিক টকাৰ অৰুণাচলী সুৰা কোনো অসাধু চক্ৰই ৰঙিয়া অভিমুখে নি থকা অৱস্থাত বিশ্বনাথ ৰেল ষ্টেশ্যনত বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি সুৰাখিনি জব্দ হোৱাৰ পূৰ্বে এগৰাকী মহিলা উক্ত সুৰাৰ কাৰ্টন সমূহৰ লগত আছিল, অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে অচিনাক্ত মহিলা গৰাকীয়ে তাৰ পৰা পলায়ন কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে|

অচিনাক্ত মহিলা গৰাকীৰ উপস্থিতি কিমান দূৰ সঁচা সেই সন্দৰ্ভত  আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে |

উল্লেখযোগ্য যে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৰে’লযোগে সহজ লভ্য হৈ পৰিছে, প্ৰতি ২ – ৩ মাহৰ অন্তৰালত আৰক্ষীয়ে  বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰি আহিছে যদিও উক্ত ব্যৱসায় চলাই অহা অসাধু চক্ৰক নাকী লগাব পৰা নাই।

Related News