বিশ্ব ঘনচিৰিকা দিৱস : জি এম ডি এৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি কাননত সজাগতা অনুষ্ঠান

ঘনচিৰিকা দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো ২০ মাৰ্চৰ দিনটো বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডি এয়ে কেইবাটাও স্বেচ্ছাসেৱী সংগঠন আৰু এনজিঅ’ৰ যৌথ সহযোগত শ্ৰদ্ধাঞ্জলি কাননত এক সজাগতা অনুষ্ঠান আয়োজন কৰে।

সজাগতা অনুষ্ঠানটোত আয়োজক সকলে প্ৰায় ৭০০ চৰাইৰ সজা অনুষ্ঠানটোত উপস্থিত লোক সকলৰ মাজত বিতৰণ কৰে যাতে মানুহৰ ঘৰুৱা জীৱনত ঘনচিৰিকা চৰাইৰ সজাগতা বৃদ্ধি পায়। লগতে এই ঘনচিৰিকা চৰাই সমূহ কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো বাখ্যা আগবঢ়াই।

জি এম ডি এৰ সভাপতি এম অংগমুথু সজাগতা অনুষ্ঠানটোত উপস্থিত থাকি কয় যে উত্তৰ-পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যত চহকী ঠাই। লগতে তেওঁ কয় যে দেশৰ অন্য ডাঙৰ মহানগৰীতকৈ গুৱাহাটী মহানগৰীত ডাঙৰ মহানগৰী হোৱাৰ ফলত ইয়াত উদ্ভিদ আৰু প্ৰাণীৰ সংখ্যাও বেছি।

তাৰোপৰি সভাপতি অংগমুথুয়ে কয় যে গুৱাহাটী মহানগৰীৰ এই জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ধাৰা ধৰি ৰখাতো মহানগৰবাসীৰ দায়িত্ব আৰু ইয়াক ভৱিষ্যতৰ দিনত আৰু উন্নতিৰ পথত আগবঢ়াই নিয়াতোও মহানগৰবাসীৰ দায়িত্ব বুলি কয়।

সভাপতি গৰাকীয়ে আজিৰ সজাগতা অনুষ্ঠানটো জনসাধাৰণৰ মাজত ঘনচিৰিকা চৰাই সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্য আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সকলে কয় যে মহানগৰীত বিভিন্ন প্ৰজাতিৰ ২২০ বিধ ঘনচিৰিকা চৰাই থকাটো মহানগৰবাসীৰ বাবে সু-খবৰ। লগতে তেওঁলোকে এই সমূহক সংৰক্ষণৰ বাবে চেষ্টা চলাব।