NORTHEAST NOW (Assamese)

বিশ্ব চেম্পিয়ন হিমালৈ সোণোৱালৰ অভিনন্দন; ১ লাখ টকা ঘোষণা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

July 13, 2018 5:24 pm · এন ই নাও নিউজ
Updated: July 13, 2018 9:20 pm

দেশৰে প্ৰথম দৌৰবিদৰূপে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা কৰাৰ পিছত দেশজুৰি অভিনন্দনৰ বন্যা বৈচে অসম কন্যা হিমা দাসলৈ। ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, শচীন তেন্দুলকাৰৰ দৰে প্ৰখ্যাত তাৰকাই ভূয়সী প্ৰশংসা কৰা হিমা দাসক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আগবঢ়াইছে ১ লাখ টকাৰ পুৰস্কাৰ।

হিমা দাসৰ স্বৰ্ণ জয়ক ‘বিৰল কৃতিত্ব’ আৰু ‘অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ’ৰূপে অভিহিত কৰি মুখ্য মন্ত্ৰী সোণোৱালে ‘ভাৰতৰ এইগৰাকী নতুন দৌৰৰ ৰাণীয়ে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া সমাগত এছিয়ান গে’মছটো স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত’ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে অসমৰ দৌৰকন্যাগৰাকীলৈ আগবঢ়াইছে ১ লাখ টকা। প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ নামত থকা ন্যাসৰ পৰা এই ধন আগবঢ়োৱাৰ কথা আজি ১৩ জুলাইত এক সংবাদমেলত ঘোষণা কৰে গগৈয়ে।

Related News