বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ অসম জীয়ৰী মনোমতী দহোতীয়া
ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ কঢ়িয়াই বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপ ২০১৮ (জুনিয়ৰ)ত ভাৰতৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ মনোমতী দহোতীয়া।
মনোমতী পাণবজাৰ ছোৱালী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী। মনোমতীয়ে ছাই (SAI)ৰ গুৱাহাটী কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সেই সূত্ৰে তেওঁ ছাইৰ ছাত্ৰী আৱাসত থাকে।
উল্লেখযোগ্য যে প্ৰতিযোগিতাখন অহা ৯ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ টিউনিছিয়াৰ হাম্মামেট অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ য়ুথ অলিম্পিক গেইমছ, ২০১৮ ৰ কোৱালিফিকেইশ্যনৰ খেলো একে স্থানতে হ’ব বুলি জানিব পৰা গৈছে।
মন কৰিব লগীয়া যে উত্তৰ-পূবৰ মণিপুৰৰ পিছতে অসমত শেহতীয়া কেইটামান বছৰত যথেষ্ট সংখ্যক নতুন প্ৰতিভাৰ খেলুৱৈ উদিত তাৰকা হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা বছৰটোৰ শেষৰফালে বক্সাৰ অংকুশিতা বড়োৱে বিশ্ব চেম্পিয়নশ্বিপত দেশৰ হৈ স্বৰ্ণ অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমকো গৌৰৱিত কৰিছিল।