‘বাৰিষা আহিল, ৰাস্তা-পথৰ মেৰামতি নহ’ল, মথাউৰি মেৰামতি আৰু নিৰ্মাণ নহ’ল, আজিৰ পিছত বাজেটত লোৱা আঁচনিৰ খৰচ নোহোৱা ধন আজি পুনৰ ঘূৰি যাব।‘
আজি এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ ব্যৰ্থতা সন্দৰ্ভত এই মন্তব্য কৰে।
সংবাদমেলত গগৈয়ে কয় যে উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰি লোৱা কামৰ চাৰি ভাগৰ এক অংশও সম্পূৰ্ণ হোৱা নাই। তেওঁ সন্দেহ প্ৰকাশ কৰি কয়, ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বৰ্তমানো শোচনীয় হৈ আছে যদিও সেয়া মেৰামতিৰ ব্যৱস্থা চৰকাৰে নকৰিলে। বাকী গাঁৱলীয়া পথৰ কথা নকওঁৱেই।‘
আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মাৰ্চ মাহৰ শেষ দিনটোত খৰচ নোহোৱা আঁচনিৰ ধন ঘূৰি যাব বুলি মন্তব্য কৰি কয়, ‘বহুসংখ্যক ঠিকাদাৰে আমাক ঠিকাৰ কাম নোপোৱা বুলি অভিযোগ তুলিছে। পূৰ্বৰ আঁচনিৰ ধনো বৰ্তমানলৈকে তেওঁলোকে লাভ কৰা নাই। আনকি মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে কোনো উন্নয়নমূলক কাম হোৱা নাই।‘
ইয়াৰোপৰি গগৈয়ে কয় ‘কাগজ-পত্ৰত কামবোৰ ঠিকেই হৈছে, শ্ল’গানতো কাম ঠিকেই হৈছে। কিন্তু প্ৰকৃততে ফিল্ডত কি কাম হৈছে তাৰ নমুনা দেখুৱাওক।‘
‘মাজুলী-যোৰহাট সংযোগী দলংৰ কামো আৰম্ভণি হোৱা নাই। সেই দলংখনৰ উদ্বোধনী অনুষ্ঠান দুবছৰৰ আগতেই গাডকাৰিয়ে কৰিছিল। এনেকৈ কামৰ আৰম্ভণি নকৰাকৈ উদ্বোধনী অনুষ্ঠান পতা চৰকাৰ আমি দেখা নাই। এইখনেই প্ৰথম চৰকাৰ যি মুখেৰে কয় এটা আৰু কাম কৰে বেলেগ এটা।‘ আক্ৰমণাত্মক গগৈয়ে কয়।
আনহাতে চৰকাৰৰ অংশীদাৰ তথা বিজেপিৰ মিত্ৰদল অগপক আক্ৰমণ কৰি গগৈয়ে কয়, ‘অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰাৰ পিছতো আঞ্চলিকতাৰ কথা কোৱা অগপ দল চুপ-চাপ আছে। অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৱে বিশেষ ৰাজ্যৰ মৰ্য্যাদা নোপোৱাৰ বাবে বিজেপি দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে, কিন্তু ১৯৬৯ চনৰ পৰা লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্য্যাদাটো কৰ্তন কৰাৰ পিছতো অগপ দলটো বিজেপিৰ সৈতে মিত্ৰতাত থকাটো চৰম লজ্জাজনক কথা।‘
আনহাতে সংবাদমেলত গগৈয়ে ৰাজ্যখনত সঘনাই সংঘটিত হৈ থকা নাৰী নিৰ্য্যাতন সন্দৰ্ভত কয় ‘এনেধৰণৰ নাৰীজনিত অপৰাধ সঘনাই সংঘটিত হৈ থকাটোৱে ৰাজ্য চৰকাৰৰ গৃহ বিভাগটোৱে আইন-শৃংখলাজনিত পৰিস্থিতি ৰক্ষা কৰাত যে চৰম বিফল হৈছে সেই কথাকে প্ৰমাণ কৰিছে। এইখন চৰকাৰৰ দিনতে প্ৰায় ২৯,০০০টা নাৰী নিৰ্য্যাতনৰ ঘটনা সংঘটিত হৈছে। তাৰে প্ৰায় ৩০০০ টা ধৰ্ষণৰ ঘটনা। ৩০০০ ধৰ্ষণ অপৰাধৰ গোচৰত অভিযুক্তসকলৰ ১৭০০জনহে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে। তাৰে মাত্ৰ ৭৬জনেহে শাস্তি পাইছে।‘
ইয়াৰোপৰি ফাষ্ট ট্ৰেক আদালতৰ প্ৰসংগটো উত্থাপন কৰি গগৈয়ে কয়, ‘ফাষ্ট ট্ৰেক আদালত ঘটনাটো হোৱাৰ পিছতহে হ’ব, কিন্তু তাৰ পূৰ্বে ধৰ্ষণৰ ঘটনাটো নোহোৱা কৰিব লাগিব। আৰক্ষী থানাত নিযুক্তি দিয়া আৰক্ষী বিষয়াসকলে ধৰ্ষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব। যদি সেই বিষয়াসকল অপৰাধজনিত ঘটনা ৰোধত বিফল হয় তেন্তে চৰকাৰীভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব লাগিব।‘
গগৈয়ে ৰাজ্য চৰকাৰক ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন এখন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়। লগতে তেওঁ নাৰীজনিত অপৰাধ ৰোধৰ বাবে আৰক্ষী বিভাগত বিশেষ শাখা এটা মুকলি কৰাৰ বাবেও গৃহ বিভাগক দাবী জনায়।
আনহাতে সেই একেখন সংবাদমেলতে গগৈয়ে পুনৰ মহিলা বিশ্ববিদ্যালয় প্ৰসংগ টানি আনি অগপ-বিজেপিৰ প্ৰতি প্ৰশ্ন তুলি কয়, ‘কিয় বিজেপি-অগপই মহিলা বিশ্ববিদ্যালয়খন থাকিব লাগে নে নাই তাৰ এটা সঠিক স্থিতি প্ৰদান কৰা নাই? কিয় তেওঁলোকে নীৰৱ ভূমিকা পালন কৰিছে? তেওঁলোকে নিমাতী কইনাৰ ভাও জুৰিছে।‘
আনহাতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয় বন্ধ নোহোৱা বুলি ঘোষণা কৰাৰ প্ৰসংগত গগৈয়ে মন্তব্য দি কয়, ‘বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাতকৈ ঘোষণা কৰক যে স্থায়ীভাৱে এগৰাকী উপাচাৰ্য্য নিযুক্তি দিম।‘