বিশ্ব বিনিয়োগকাৰী সন্মিলনত থাকিব অদৃশ্য নিৰাপত্তা ব্যৱস্থা, নাথাকিব খাকী পোচাক পৰিহিত আৰক্ষী

Hiren-Nath

আৰক্ষী আয়ুক্ত হীৰেন নাথ

এডভান্তে’জ আছাম বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত থাকিব অদৃশ্য নিৰাপত্তা ব্যৱস্থা, দেখা নাযাব খাকী পোচাক।

গুৱাহাটীত আয়োজিত এই বিশ্ব বিনিয়োগকাৰী সন্মিলন অসম আৰক্ষীৰ বাবেও হৈ পৰিছে এক এচিড পৰীক্ষাসদৃশ। আৰু পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ মহানগৰ আৰক্ষীয়ে খাকী পোচাকৰ পৰিৱৰ্তে নিৰ্ভৰ কৰিছে সাধাৰণ পোচাকৰ ওপৰত।

এই সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে এন ই নাওক বিশেষভাৱে জনায়, ‘সন্মিলন থলীৰ ভিতৰত খাকী পোচাক পৰিহিত কোনো নিৰাপত্তাৰক্ষী নাথাকিব। ইয়াৰ বাবে আমি প্ৰায় ২০০ গৰাকী নিৰাপত্তাৰক্ষীক বিশেষভাৱে প্ৰশিক্ষণ দিছো।’

তেওঁ লগতে জনায় যে এই বিশেষ নিৰাপত্তাৰক্ষীসকল সাধাৰণ পোচাকত গুপ্ত অস্ত্ৰৰ সৈতে থাকিব।

প্ৰধান মন্ত্ৰীকে ধৰি বিভিন্ন অতিথিসকলৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা দল (SPG)ৰ সৈতে ঘনিষ্ঠ সংযোগেৰে তেওঁলোকক নিৰ্দিষ্ট কিছু স্থানত নিয়োগ কৰা হ’ব।

সন্মিলন উপলক্ষে ‘বহু তৰপীয়া আৰু তীব্ৰ ৰূপৰ বিস্তৃত নিৰাপত্তা ব্যৱস্থা’ গঢ়ি তোলা হৈছে বুলি অৱগত কৰি তেওঁ লগতে কয়, ‘সভাথলী যোৱা দুমাহৰ পৰাই স্থায়ী নিৰাপত্তা বেষ্টনীৰ মাজত আছে।’

তাৰোপৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত Quick Response Team (তৎকালীন সঁহাৰি গোট) নিয়োগ কৰা হৈছে। আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে বেছি চকুত নপৰাকৈ নিৰাপত্তাৰক্ষীসকলক নিয়োগ কৰা হৈছে।

সন্মিলনখনৰ প্ৰতিটো দিশতে নজৰ ৰখা হৈছে বুলি জনায় তেওঁ সকলো সুকলমে পাৰ হৈ যাব বুলি আশা প্ৰকাশ কৰে।

এই বৃ্হৎ সন্মিলনখনত ১৭ খন দেশৰ প্ৰায় ২০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব।