NORTHEAST NOW (Assamese)

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে কোকৰাঝাৰত সেনাৰ সাংস্কৃতিক অনুষ্ঠান

July 15, 2018 10:00 pm · ৰিনয় বসুমতাৰী

বিশ্ব যুৱ দক্ষতা দিৱসৰ প্ৰাকক্ষণত ৰেড হৰ্ণ ডিভিজনে কোকৰাঝাৰৰ মথামবিল গাঁৱৰ কমিউনিটি চেণ্টাৰত এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে।

এই সাংস্কৃতিক অনুষ্ঠানত প্ৰায় ৩০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু স্থানীয় বয়োজ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে।

সাংস্কৃতিক অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত ওচৰৰ গাঁৱৰ ৫খন গাঁৱৰ প্ৰতিযোগীৰ লগতে সেনাৰ দল এটাইও ভাংৰা নৃত্য প্ৰদৰ্শন কৰে।

এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী স্থানীয় দলকেইটাৰ ভিতৰত দল আক্সীগুৰিয়ে শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। ইয়াৰ উপৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো দলকেইটাকে আয়োজকৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে এই অনুষ্ঠানতে জনসাধাৰণ আৰু স্থানীয় এলেকাবাসীৰ বাবে এখন মঞ্চও গঠন কৰা হয়।

Related News