বৃত্তিধাৰী লোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে আইনৰ নতুন পাঠ্যক্ৰম

আইনৰ এখন নতুন পাঠ্যক্ৰম মুকলি

কৰ্মৰত বৃত্তিধাৰী লোকসকলৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে আইনৰ এখন নতুন পাঠ্যক্ৰম মুকলি কৰিছে।

বিভিন্ন বৃত্তিত আইনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তৈয়াৰ কৰা পাঠ্যক্ৰমটোৰ জৰিয়তে কৰ্মৰত লোকসকলৰ মাজত আইন সম্পৰ্কীয় সচেতনতা প্ৰদান কৰা হ’ব।

পাঠ্যক্ৰমটোৰ জৰিয়তে স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী, সাংবাদিক, চাকৰিয়াল, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক আইনৰ জ্ঞান প্ৰদান কৰিব খোজা হৈছে। জানিপৰা অনুসৰি পাঠ্যক্ৰমটোৰ শ্ৰেণীসমূহ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব।

বিভিন্ন প্ৰশাসনিক, সামাজিক, ব্যক্তিগত আৰু মানৱ অধিকাৰ ক্ষেত্ৰৰ হৈতে জড়িত আইনৰ কাৰ্যকৰী দিশ সমূহৰ ওপৰত শিক্ষা প্ৰদান কৰাটোৱে পাঠ্যক্ৰমটোৰ মূল লক্ষ্য বুলি ‘য়ুনিভাৰ্ছিটি ল কলেজ’ৰ অধ্যক্ষ গৰাকীয়ে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে।

‘বেছিকচ অব ল’ নামৰ ১২ মহিয়া পাঠ্যক্ৰমটো ২টা ষান্মাষিকত ভাগ কৰা হৈছে যদিও ছাত্ৰ-ছাত্ৰী সকলে কেৱল মাত্ৰ এটা ষান্মাষিক সফলভাৱে সমাপ্ত কৰিও পাঠ্যক্ৰমটোৰ পৰা উলাই অহাৰ সুবিধা আছে। এই ক্ষেত্ৰত তেওঁলোকক ‘বেছিকচ টু ল’ প্ৰমাণপত্ৰ দিয়া হ’ব।

 

৩১ জানুৱাৰিৰ পৰা নামভৰ্তি আৰম্ভ হ’বলগীয়া পাঠ্যক্ৰমটোৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ৩০ জানুৱাৰি। ৩০খন আসন থকা পাঠ্যক্ৰমটোৰ ৫খন আসন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে সংৰক্ষিত থাকিব।