বেংককৰ আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতালৈ মেঘালয়ৰ চাৰিগৰাকী খেলুৱৈ

আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে মেঘালয়ৰ ৪ গৰাকী খেলুৱৈ।

থাইলেণ্ডৰ বেংককত ১২ৰ পৰা ২২ মাৰ্চলৈকে এই ৩য় সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত ভাগ ল’বৰ বাবে বাচনি হোৱা খেলুৱৈকেইগৰাকী হ’ল জাৰ্মিন চাংমা, ক্ৰিয়েতৱিন্দ মমিন, ফ্ৰেঞ্চিচ মাজং আৰু লাচাৰুচ ৰংচাং।

সমৰকলাবিদ বিচাম কে’ সিংহা আৰু গমে থাপাই খেলুৱৈসকলক নেতৃত্ব দিব।

সিংহা আৰু থাপা প্ৰতিযোগিতাখনৰ আয়োজক জিআইএমএ’এফ (Global International Martial Arts Federation)ৰ বিষয়ববীয়া।

প্ৰতিযোগীসকলকো ধৰি মুঠ ২১ গৰাকী লোক এই প্ৰতিযোগিতাত ভাগ ল’বৰ বাবে বেংককলৈ দেওবাৰে ৰাওনা হৈছে।

প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শনী আগবঢ়াবলৈ আৰু দেশৰ বাবে সুনাম কঢ়িয়াবলৈ সক্ষম হ’ব বুলি খেলুৱৈ জাৰ্মিনে আশা প্ৰকাশ কৰিছে।

প্ৰতিযোগিতাখনৰ বাবে কঠোৰ প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰি খেলুৱৈজনে ৰাইজৰ শুভেচ্ছা কামনা কৰিছে।