বেংক কৰ্মচাৰীৰ দুদিনীয়া ধৰ্মঘটত স্থবিৰ ত্ৰিপুৰাৰ ৰাজহুৱা খণ্ডৰ বেংক সেৱা

Banker'sSalary_Hike

প্ৰতিনিধিত্বমূলক ছবি

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ ৩০ আৰু ৩১ মে’ত দুদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘট কাৰ্য্যসূচীৰ প্ৰভাৱ ত্ৰিপুৰাটো পৰিলক্ষিত হৈছে। যাৰ ফলত দেশৰ আন আন ৰাজ্যৰ লগতে ত্ৰিপুৰাটো ৰাজহুৱা খণ্ডৰ সকলো বেংক কাম-কাজ স্থবিৰ হৈ পৰিছে।

দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীত হাতত লোৱা এই ধৰ্মঘট কাৰ্য্যসূচীৰ ফলত এই সময়ছোৱাত এ টি এমৰ সেৱাও উপলব্ধ নহ’ব পাৰে বুলি ধৰ্মঘট আহ্বান কৰা য়ুনিয়নৰ এটা সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।

অ’ল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যনৰ ত্ৰিপুৰাৰ ৰাজ্যিক সম্পাদক সঞ্জয় দত্তই কয় যে আন আন দাবীৰ লগতে বেংক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছিল যদিও চৰকাৰে মাত্ৰ শতাংশহে দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ লয়। চৰকাৰৰ এই প্ৰস্তাৱত তেওঁলোক সন্মত নহয় বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে এই ধৰ্মঘট কাৰ্যসূচীৰ মাজতো ত্ৰিপুৰা গ্ৰামীন বেংক আৰু ৰাজ্যিক সমবায় বেংক স্বাভাৱিকভাৱে চলি আছে।