বেজবৰুৱা পৰিয়ালৰ বংশবৃক্ষৰ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশী পৰিয়ালৰ

এন আৰ চি

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱা বংশবৃক্ষৰ তথ্য সন্নিৱিষ্ট কৰি এটি বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ অপচেষ্টাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে তেজপুৰৰ ৰুণুমী ভট্টাচাৰ্য নামৰ বোৱাৰী এগৰাকীক বংশবৃক্ষৰ তথ্য পৰীক্ষণৰ বাবে এনআৰচিৰ বিষয়াই শিৱসাগৰ জিলাৰ সোণাৰীলৈ তলব কৰাৰ পিছতেই এই জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে।

১৯৭১ চনৰ পিছত অহা এটা বাংলাদেশী পৰিয়ালে সাহিত্যৰথীৰ পৰিয়ালৰ বংশবৃক্ষ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰে স্বদেশী হোৱাৰ অপচেষ্টা ধৰা পৰে যোৱা ৫ এপ্ৰিলত সোণাৰীৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পৰ্যবেক্ষণ কেন্দ্ৰত।

বেজবৰুৱা পৰিয়ালৰে এগৰাকী পৰিনাতি তেজপুৰৰ কলিবাৰী নিৱাসী ৰুণুমী ভট্টাচাৰ্যৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত পোহৰলৈ অহা এই জালিয়াতিৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে।

প্ৰসিদ্ধ বেজবৰুৱা পৰিয়ালৰ প্ৰয়াত মহেশ্বৰ বেজবৰুৱাৰ নাতি লক্ষীভূষণ বেজবৰুৱাৰ তিনি পুত্ৰৰ ভিতৰত বিপুল বৰুৱা আৰু গোবিন্দ বেজবৰুৱাই দাখিল কৰা বংশবৃক্ষ পৰীক্ষণৰ সময়ত ধৰা পৰে যে টেঙানিবাম চাহ বাগিচা নিৱাসী এটি বঙালী পৰিয়ালেও তেওঁলোকৰ আজোককা মহেশ্বৰ আৰু ককা ফনীভূষণৰ নাম ব্যৱহাৰ কৰি লিগেচী ডাটা তথ্য দাখিল কৰিছে।

ইয়াৰ বাবে দুয়োটা পৰিয়ালকে যোৱা ৫ এপ্ৰিলত সোণাৰীৰ পৰ্যবেক্ষণ কেন্দ্ৰলৈ মাতি পঠায়। কেন্দ্ৰটোৰ বিশেষ পৰ্যবেক্ষণ বিষয়াগৰাকীয়ে পৰিয়াল দুটাৰ বংশবৃক্ষ পৰীক্ষা কৰি টেঙানিবামৰ উক্ত পৰিয়ালটোৱে ভুৱা তথ্য দাখিল কৰা বুলি নিশ্চিত হয়।

তাৎপৰ্যপূৰ্ণভাৱে টেঙানিবামৰ উক্ত পৰিয়ালটোৱে জনা নাছিল যে তেওঁলোকে অসমৰ এটি প্ৰখ্যাত পৰিয়ালৰ তথ্য দাখিল কৰিছে। শিৱসাগৰৰ মৌজাদাৰৰ পৰিয়ালটোৱেও টেঙানিবাম চাহ বাগিচাৰ বঙালী পৰিয়ালটোৰ অৱস্থিতি সম্পৰ্কে অজ্ঞ আছিল।

আনহাতে, পৰ্যবেক্ষনকাৰী বিষয়াই উক্ত বঙালী পৰিয়ালটোৰ ৭১ চনৰ আগৰ কিবা তথ্য আছে নেকি চাবলৈ বিচাৰে যদিও তেওঁলোকে তেনে কোনো তথ্য দাখিল কৰিবলৈ অসমৰ্থ হয় আৰু ততাতয়াকৈ কেন্দ্ৰটোৰ পৰা পলায়ন কৰে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এনেদৰে ভুৱা তথ্য দাখিল কৰি বহু বিদেশী লোকে নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা চলোৱাৰ বাতৰি ওলাই থকাৰ মাজতে অসমৰ এটি প্ৰসিদ্ধ পৰিয়ালৰ তথ্য দাখিল কৰি এন আৰ চিত নাম সন্নিৱিষ্ট কৰিব বিচৰা এনে কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।বেজবৰুৱা পৰিয়ালৰ বংশবৃক্ষৰ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশী পৰিয়ালৰ