বোকাখাতত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ
অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰাথমিক শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীৰ আধাৰত আজি ৰাজ্যৰ আন আন ঠাইৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষক সকলে পাঠদানৰ পৰা বিৰত থাকি বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী শিক্ষকসকলে কাৰ্যালয়টোৰ সমূহ কৰ্মচাৰীক বাহিৰলৈ উলিয়াই কাৰ্যালয়ৰ প্ৰবেশ দ্বাৰত তলা লগাই দিয়ে আৰু প্ৰৱেশ দ্বাৰতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।
এই প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই কয় যে যোৱা ৫ জুন তাৰিখে অসমৰ বিত্ত মন্ত্রীয়ে সংবাদমেল যোগে ৰাজহুৱা কৰা আসোঁৱাহ সমিতিৰ প্রতিবেদনে অসমৰ প্ৰাথমিক শিক্ষক সকলক প্রাপ্য গ্রেড পে’ৰ পৰা বঞ্চিত কৰাৰ উপৰিও শিক্ষকসকলৰ মাজত বৈষম্যৰহে সৃষ্টি কৰিছে।
তেওঁ জনোৱা মতে প্ৰাথমিক শিক্ষকসকলৰ ৯ দফীয়া দাবীৰ সমৰ্থনত আজি সমগ্ৰ অসমৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই লানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই ঘন্টাজোৰা প্ৰতিবাদী সভাৰ শেষত বোকাখাতৰ মহকুমাৰ সহকাৰী আয়ুক্তৰ উপস্থিতিত কাৰ্যালয়টোত লগোৱা তলা খুলি দিয়া হয়।
প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ মৰ্যদা দি নিধাৰিত গ্রে পে আদায় দিয়া। স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্রেড পে’ সপ্তম দৰমহা আয়ােগ মতে আদায় দিয়া। প্রাথমিক শিক্ষকৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰা। টাইম স্কেল পদোন্নতিয়ে দিয়া গ্রেড পেৰ মান্যতা আদায় কৰা। জিলা ভিত্তিক টাইমস্কেল পদোন্নতিৰ সুবিধা লাভৰ সুযােগ দিয়া। ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি বিনাস্বৰ্তে নিয়মীয়া কৰা। ২০১৬ চনৰ ২ জানুৱাৰিৰ পৰা সংশােধিত দৰমহা বিধি কাৰ্যকৰী কৰা। ২০১৭ চনৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত নােহােৱাৰ কাৰণ সমূহৰ তদন্ত আৰু ছাত্ৰ-ছাত্ৰীক মূল্যায়ন আৰু অভ্যাসন বহী প্রতি বিষয়ত কমেও দুখনকৈ যোগান দিবৰ বাবে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে বুলি জীৱন চন্দ্ৰ বৰাই উল্লেখ কৰে।